
কামৰূপ, ১৬ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী অসম ভ্রমণক লৈ তৎপৰ ৰাজ্যিক বিজেপিৰ।দুদিনীয়া ভ্ৰমণ সূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ২০ ডিচেম্বৰত অসমলৈ আহিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে সমষ্টিয়ে-সমষ্টিয়ে চলিছে দলীয়া সভা ।
হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ পৰা তিনি হাজাৰ দলীয় কাৰ্যকৰ্তাই প্ৰধানমন্ত্ৰী গৰাকীক আদৰাৰ বাবে সাজু হৈছে । এই প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে আজি হাজোত আহি উপস্থিত হয় মন্ত্ৰী কৌশিক ৰয় । মন্ত্ৰী গৰাকীয়ে দুখনকৈ দলীয় সভাত অংশ লৈ কাৰ্যকৰ্তা সকলৰ লগত মত বিনিময় কৰে । ইফালে মন্ত্ৰী গৰাকীক সাংবাদিকে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ৰ মিত্ৰতাক লৈ কৰা প্ৰশ্নৰ উত্তৰত কৰে গুৰুত্বপূৰ্ণ মন্তব্য মন্তব্য। মন্ত্ৰী গৰকাৰীয়ে কয় কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ৰ মিত্ৰতা বিজেপি ৰ বাবে কোনো ফেক্টৰ নহয়।মন্ত্ৰীগৰাকীৰ হাজো ভ্ৰমণৰ সময়ত উপস্থিত থাকে স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়া, বিজেপি নেতা প্ৰকাশ দাস,প্ৰদেশ বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ