

–সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ বৰ্ণাঢ্য আয়োজন
–বঁটা গ্ৰহণ কৰি বিহুনাম গাই ৮৬ বছৰীয়া অৰ্জ্জুন ভোগেশ্বৰ বৰুৱাই ক'লে -নতুন প্ৰজন্মক খেল শিকাবলৈ মই এতিয়াও আগ্ৰহী
– কাণ্ডাৰী পদ্মনাথ শীৰ্ষক আলেখ্য পৰিৱেশন শিক্ষাবিদ হিচাপে পদ্মনাথ গোহাঞি বৰুৱাৰ অৱদান শীৰ্ষক বিষয়ত ড০ অৰবিন্দ ৰাজখোৱাৰ মনোজ্ঞ ভাষণ
–অসমৰ প্ৰথমগৰাকী শিক্ষাবিদ আছিল পদ্মনাথ গোহাঞি বৰুৱা --ড০ অৰবিন্দ ৰাজখোৱা
–বিশিষ্ট চিত্ৰশিল্পী মৃগেন কলিতাই অংকণ কৰা অসমৰ প্ৰথমখন সাহিত্য কাণ্ডাৰীৰ পূৰ্ণাবয়ৱ চিত্ৰ উন্মোচন ভোগেশ্বৰ বৰুৱাৰ
শোণিতপুৰ, ১৬ ডিচেম্বৰ (হি.স.)। ৰাজ্যখনৰ শৰীৰ চৰ্চাৰ বাটকটীয়া তথা ১৯০৪ চনতে শৰীৰ চৰ্চা বিষয়ক গ্ৰন্থ দেশী কচৰৎ ৰচনা কৰা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই তেজপুৰত প্ৰতিষ্ঠা কৰা শতবৰ্ষীয় সামাজিক অনুষ্ঠান অসমীয়া ক্লাব এ আজি সাহিত্য কাণ্ডাৰী গৰাকীৰ ১৫৪ সংখ্যক জয়ন্তীৰ দিনটোত অসম তথা ভাৰত গৌৰৱ অৰ্জ্জুন ভোগেশ্বৰ বৰুৱাক প্ৰথমবাৰৰ বাবে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা বঁটাৰে বিভূষিত কৰে ।
উল্লেখ্য সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত অসমীয়া ক্লাবত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, উপসভাপতি পংকজ কুমাৰ বৰা, সম্পাদক অনু দেৱী মহন্ত, যুটীয়া সম্পাদক নাৰায়ণ বৰঠাকুৰ, ভূপেন শৰ্মা, প্ৰাক্তন সম্পাদক চিত্তদেৱ শৰ্মা, সদস্য সত্যদেৱ শৰ্মা, হিৰণ্য ভুঞা, দিৱস মণি বৰুৱাকে ধৰি ক্লাবৰ বিষয়ববীয়া সকলে গামোচা, এড়ি চাদৰ, ফুলাম জাপি, স্মাৰক, প্ৰশস্তি পত্ৰ আৰু নগদ ৫০ হাজাৰ টকাৰে পুৰোধা ক্ৰীড়াবিদ অৰ্জ্জুন ভোগেশ্বৰ বৰুৱাক এই বঁটা প্ৰদান কৰে ।
চাৰিগৰাকী যুৱতী সত্ৰীয়া শিল্পীৰ খোল-তাল বাদনেৰে ৮৬ বছৰীয়া অৰ্জ্জুন গৰাকীক সভাস্থলীলৈ আদৰি আনি এই বঁটা প্ৰদান কৰাৰ পিছত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ, তেজপুৰ সাহিত্য সভা ,অসমীয়া ভাষা উন্নতি সাধিনী সভা, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভা, তেজপুৰ জিলা ক্ৰীড়া সন্থা, শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা, শোণিতপুৰ জিলা শক্তি উত্তোলন সন্থা, শোণিতপুৰ জিলা ভাৰোত্তোলন সন্থা, শোণিতপুৰ জিলা টাগ অব ৱাৰ সন্থা, শোণিতপুৰ জিলা যোগ সন্থাৰ লগতে প্ৰায় একুৰিৰো অধিক অনুষ্ঠানে অৰ্জ্জুন ভোগেশ্বৰ বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে । সম্বৰ্ধনা গ্ৰহণ কৰি অশীতিপৰ বৰেণ্য ক্ৰীড়াবিদ গৰাকীয়ে যিকোনো খেলৰ প্ৰতিযোগিতাত দেশী -বিদেশী দলৰ খেলুৱৈক কি শক্তিৰ বলত পৰাজিত কৰিবলৈ সক্ষম হৈছিল সেই কথা সদৰি কৰি খেলৰ মুহূৰ্তত নিজে এক ঐশ্বৰিক শক্তি লাভ কৰিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰে । সেইখিনি মুহূৰ্তত তেওঁ আন সকলো কথা পাহৰি যায় বুলি মন্তব্য কৰি নতুন প্ৰজন্মৰ খেলুৱৈ সকলে সম্প্ৰতি খেলৰ বাবে এখন উপযুক্ত মঞ্চ লাভ কৰিবলৈ সক্ষম হৈছে বুলি কৈ সাধনালব্ধতাৰে খেলৰ সৈতে আগবাঢ়িব পাৰিলে সকলোৰে জয় নিশ্চিত বুলি কয় ।
আনহাতে ৮৬ বছৰীয়া ক্ৰীড়াবিদ গৰাকীয়ে নতুন প্ৰজন্মক যিকোনো খেলৰ প্ৰশিক্ষণ প্ৰদান কৰিব লগা হ'লে এতিয়াও প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সাজু বুলি মন্তব্য কৰি এফাকি বিহু গীত গাই সকলোকে আপ্লুত কৰে । অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি শান্তনু বৰুৱাই প্ৰাৰম্ভিকতে তেজপুৰৰ ছয়টাকৈ জাতীয় অনুষ্ঠানৰ উদ্যোগত গঠন হোৱা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ লক্ষ্য আৰু উদ্দেশ্য সদৰি কৰা আৰু ধৰিত্ৰী শ্ৰাৱনে আঁত ধৰা অনুষ্ঠানটিত অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীয়ে আদৰণী ভাষণ প্ৰদান কৰি প্ৰতি দুবছৰৰ মূৰে মূৰে সাহিত্য, সংস্কৃতি, নাটক, ক্ৰীড়া আদিলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হ'ব বুলি কয় । আনহাতে সাহিত্য কাণ্ডাৰী গৰাকীৰ নাতি সংগীতশিল্পী সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা পৰিচালিত পদ্মনাথ গোহাঞি বৰুৱা ৰচিত এটি সমবেত গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বিশিষ্ট লেখক শান্তনু বৰুৱা ৰচিত কাণ্ডাৰী পদ্মনাথ শীৰ্ষক এখন আলেখ্যৰে উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে ।
বিশিষ্ট নাট্যশিল্পী ভূপেন শৰ্মা পৰিচালিত আলেখ্যখনত তেজপুৰৰ দক্ষ অভিনেতা উজ্জ্বল শইকীয়া, বিপ্লৱ শৰ্মাই অভিনয় কৰে ।উল্লেখ্য যে সমগ্ৰ অনুষ্ঠানটিৰ আৰম্ভণিতে তেজপুৰৰ বিশিষ্ট চিত্ৰ -ভাস্কৰ্য্য শিল্পী মৃগেন কলিতাই অংকণ কৰা অসমৰ ভিতৰতে প্ৰথমখন পদ্মনাথ গোহাঞি বৰুৱাৰ পূৰ্ণাবয়ৱ চিত্ৰ আনুষ্ঠানিক ভাৱে উন্মোচন কৰে অৰ্জ্জুন ভোগেশ্বৰ বৰুৱাই । প্ৰতিচ্ছবিখন উন্মোচনৰ পিছতেই সাহিত্য কাণ্ডাৰী গৰাকীৰ বোৱাৰী পৰি গোহাঞি বৰুৱা, নাতি উদয় কৃষ্ণ গোহাঞি বৰুৱা, সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা আৰু উদ্যোক্তা আটাইকেইটা অনুষ্ঠানৰ বিষয়ববীয়া সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে আজিৰ এই অনুষ্ঠানতে শিক্ষাবিদ হিচাপে পদ্মনাথ গোহাঞি বৰুৱাৰ অৱদান শীৰ্ষক এক গুৰুত্বপূৰ্ণ বিষয়ত বক্তৃতা প্ৰদান কৰে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা ৰাজ্যখনৰ নিয়মীয়া এগৰাকী প্ৰাবন্ধিক তথা স্তম্ভ লেখক ড০ অৰবিন্দ ৰাজখোৱাই ।
নিৰ্দিষ্ট বিষয়ত ড০ ৰাজখোৱাই আৰম্ভণিতে পদ্মনাথ গোহাঞি বৰুৱা অসমৰ প্ৰথমগৰাকী শিক্ষাবিদ আছিল বুলি মন্তব্য কৰি শিক্ষাবিদ হিচাপে গোহাঞি বৰুৱাক ছটাকৈ ভাগত আলোকপাত কৰি কয় -জেনকিন্স ৰিপৰ্টৰ ফলশ্ৰুতিতহে অসমীয়া ভাষাৰ সলনি বাংলা ভাষা অসমত প্ৰচলিত হৈছিল।অসমীয়া পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত ইংৰাজ প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। পদ্মনাথ গোহাঞি বৰুৱাক পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত ইংৰাজসকলৰ এই ভূমিকাই বিশেষ উদ্গনি যোগাইছিল। ড°সূৰ্য কুমাৰ ভূঞাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভৰ বাবে গোহাঞি বৰুৱাৰ ৰচনা ইংৰাজী ভাষালৈ তৰ্জমা কৰিছিল।পদ্মনাথ গোহাঞি বৰুৱাই নিজৰ প্ৰকাশিত গ্ৰন্থসমূহ ছাৰ আশুতোষ মুখ্যোপাধ্যায়লৈ পঠিয়াইছিল।
কেইবাখনো গ্ৰন্থ আশুতোষ মুখ্যোপাধ্যায়ৰ পুথিভঁৰালত পোৱা গৈছে । আমি সকলোৱে তেওঁৰ দ্বিতীয়খন ৰচনাৱলী প্ৰকাশ কৰাৰ বাবে হাত উজান দিয়াৰ প্ৰয়োজন।শিক্ষক প্ৰশিক্ষনৰ প্ৰথমখন পুথি শিক্ষাবিধি পদ্মনাথ গোহাঞি বৰুৱাই অসমীয়াত ৰচনা কৰিছিল।নৱপ্ৰজন্মক ন সাঁচেৰে গঢ়িব খুজিছিলোঁ। পুৰোধা ব্যক্তিৰ আদৰ্শৰে নৱপ্ৰজন্মক পৰিচালিত কৰাৰ উদ্দেশ্যৰে তেওঁ জীৱনী সংগ্ৰহৰ দৰে গ্ৰন্থ ৰচনা কৰিছিল । শিশু সাহিত্যিক ৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতক অৱমাননা কৰা হৈছে। তেখেতক শিশু সাহিত্যিক ৰূপে প্ৰতিষ্ঠা কৰাৰ সময় সমাগত বুলি কৈ শিক্ষাবিদ হিচাপে পদ্মনাথ গোহাঞি বৰুৱাৰ বিভিন্ন দিশ অতি নিৰ্মোহভাবে বিশ্লেষণ কৰে ।
উল্লেখ্য অসমীয়া ক্লাবৰ সম্পাদক অনু দেৱী মহন্তই অৰ্জ্জুন ভোগেশ্বৰ বৰুৱাৰ জীৱন পৰিচিতি আলোকপাত কৰা অনুষ্ঠানটিত বক্তা ড০ অৰবিন্দ ৰাজখোৱাৰ জীৱন পৰিচিতি আৰু সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্যই ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ