দুলীয়াজানৰ নীপক' প্ৰকল্পত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী
ডিব্ৰুগড়, ১৬ ডিচেম্বৰ (হি.স.)। দুলীয়াজানৰ বকুলনী নীপক'' প্ৰকল্পত উত্তপ্ত পৰিস্থিতি। দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ভাদৈ শাখা ছাত্ৰ সন্থাৰ সহযোগত ১০০ শতাংশ থলুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ দাবীত বিক্ষোভ কাৰ্যসূচী। উক্ত প্ৰতিবাদী কাৰ্যসূ
দুলীয়াজানৰ নীপক' প্ৰকল্পত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী


ডিব্ৰুগড়, ১৬ ডিচেম্বৰ (হি.স.)। দুলীয়াজানৰ বকুলনী নীপক' প্ৰকল্পত উত্তপ্ত পৰিস্থিতি। দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ভাদৈ শাখা ছাত্ৰ সন্থাৰ সহযোগত ১০০ শতাংশ থলুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ দাবীত বিক্ষোভ কাৰ্যসূচী। উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ ফলত বহু সময় ধৰি অচল বুকুলনী নীপক' প্ৰকল্পৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ কাম-কাজ।

প্ৰতিবাদস্থলীত মোতায়ন কৰা হয় বৃহৎ সংখ্যক আৰক্ষী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ লগতে নীপক'ৰ নিজা সুৰক্ষা বাহিনী । উল্লেখযোগ্য দীৰ্ঘদিনৰ পৰা আছুৱে তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ নীপক' কৰ্তৃপক্ষক প্ৰদান কৰি আহিছে যদিও আজিপৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে আছুৱে নীপক'ৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

পিচত প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰদান কৰে। অহা ১৫ দিনৰ ভিতৰত আছুৰ দাবী সমূহ কাৰ্যকৰী নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande