
-উত্তৰ পূৱৰ বিভিন্ন প্ৰান্তৰ অনুসূচীত জনজাতিৰ শিল্পীৰ অংশগ্ৰহণ
-হস্ত্ৰশিল্প আৰু বস্ত্ৰশিল্পৰ গুৰুত্ব আৰু মহত্ব যুগ যুগ ধৰি থাকিব -পংকজ বৰুৱা
শোণিতপুৰ, ১৫ ডিচেম্বৰ (হি.স.)। অসম চৰকাৰৰ বেচা-কিনা উন্নয়ন নিগমৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প বিভাগৰ অধিনস্হ হস্ত্ৰশিল্প উন্নয়ন নিগমৰ সহযোগত আজিৰ পৰা ছয়দিনীয়াকৈ তেজপুৰৰ জয়মতী পথাৰত আৰম্ভ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অনুসূচীত জনজাতি হস্ত আৰু বস্ত্ৰশিল্পৰ সামগ্ৰীৰ আকৰ্ষণীয় গান্ধী শিল্প বজাৰ । উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সাজসজ্জাৰ লগতে পৰম্পৰাগত গহনা আৰু আন হস্ত্ৰ নিৰ্মিত সামগ্ৰীৰ এই গান্ধী শিল্প বজাৰ আজি বিয়লি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অকণিৰ সাহিত্য সভাৰ সভাপতি, বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য তথা শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাই ।
অসম চৰকাৰৰ বেচা-কিনা উন্নয়ন নিগমৰ মহাপ্ৰবন্ধক জয়ন্ত দেৱ শৰ্মাই এই গান্ধী শিল্প বজাৰৰ লক্ষ্য আৰু উদ্দেশ্য সদৰি কৰা উদ্বোধনী অনুষ্ঠানত হস্তশিল্প বিভাগৰ উত্তৰ পূৱৰ উন্নয়ন আয়ুক্ত আশ্ৰাফুল আলম, শোণিতপুৰ জিলাৰ হস্তশিল্প আৰু বস্ত্ৰশিল্প বিভাগৰ পৰিদৰ্শক নীলমণি দাস ,বিভাগৰ জিলা সমন্বয়ক আলোক জ্যোতি বৰাই চমু ভাষণ প্ৰদান কৰাৰ পিছত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি পংকজ বৰুৱাই দেশৰ হস্তশিল্পী আৰু বস্ত্ৰশিল্পী সকলক উদ্বুদ্ধ কৰিবলৈ আৰু তেওঁলোকৰম দ্বাৰা উৎপাদিত সামগ্ৰী সমূহক মৰ্যাদা প্ৰদান কৰিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপ আদৰণীয় পদক্ষেপ বুলি মন্তব্য কৰে ।
হস্তশিল্প আৰু বস্ত্ৰশিল্পৰ গুৰুত্ব আৰু মহত্ব যুগে যুগে আহে বুলি কৈ মুখ্য অতিথিৰ আসনৰ পৰা পংকজ বৰুৱাই মহামানৱ মহাত্মা গান্ধীয়ে বিদেশী বস্ত্ৰৰ বিৰুদ্ধে আহ্বান জনাই স্বদেশী বস্ত্ৰ গ্ৰহণ কৰিবলৈ জনোৱা আহ্বানৰ প্ৰসংগৰ পৰা বিশ্ব প্ৰসিদ্ধ অসমৰ বৃন্দাবনী বস্ত্ৰৰ মহত্বৰ প্ৰসংগও উল্লেখ কৰি আমাৰ শিপিনী আৰু আমাৰ হস্ত্ৰশিল্পীয়ে নিৰ্মাণ কৰা কুন্দটকটা সামগ্ৰীৰ আদৰ সদায় আছে বুলি মন্তব্য কৰে ।
উল্লেখ্য যে অসম চৰকাৰৰ বেচা -কিনা বিভাগৰ উপ মহা প্ৰৱন্ধক জয়ন্ত দেৱশৰ্মাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানৰ পিছতেই আন অতিথি সকলৰ সৈতে মুখ্য অতিথি পংকজ বৰুৱাই আনুষ্ঠানিক ভাৱে ফিটা কাটি এই গান্ধী শিল্প বজাৰ উদ্ঘাটন কৰে।
উল্লেখ্য যে এই গান্ধী বস্ত্ৰশিল্প বজাৰত ডিমাপুৰ, নগালেণ্ড, ধেমাজি, জোনাই, যোৰহাটকে ধৰি বিভিন্ন প্ৰান্তৰ ৪০ গৰাকী অনুসূচীত জনজাতিৰ হস্ত্ৰশিল্পী আৰু বস্ত্ৰশিল্পীয়ে নিজৰ নিজৰ উৎপাদিত সামগ্ৰীৰে অংশগ্ৰহণ কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ