

শোণিতপুৰ, ১৫ ডিচেম্বৰ (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতক লৈ চূড়ান্ত হেতালি খেলা দেশৰ উচ্চশিক্ষা মন্ত্ৰলায়ে বিশ্বিদ্যালয় খনত অব্যাহত অচলা অৱস্থা দূৰকৰাৰ কোনো ব্যৱস্থা আজিলৈকে হাতত লোৱা নাই ৷ ইতিমধ্যে ৮৮দিন সম্পূৰ্ণ হোৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে আন্দোলন কৰি ভাগৰি পৰা বুলিও মুকলিকৈ প্ৰকাশ কৰাৰ উপৰি দুৰ্নীতি পৰায়ন সকলৰ পক্ষতে উৰ্দ্ধতন কৰ্তৃপক্ষই অৱস্থান গ্ৰহণ কৰা বুলি মুকলিকৈ ঘোষণা কৰিবলৈ আহ্বান জনোৱাৰ পাছত আজি ৰূপায়ণ কৰে নঘন্টাৰ অনশন কাৰ্যসূচী৷
তেজপুৰ বিশ্ব বিদ্যালয়ক বচাওঁক, ছাত্ৰ ছাত্ৰী সকলক সুৰক্ষিত কৰক বুলি প্ৰকাশ কৰি আজি পুৱা ন বজাৰ পৰা সন্ধিয়া ছয় বজালৈকে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সমীপত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তেওঁলোকে উপাচাৰ্য সিঙক শীঘ্ৰেই অপসাৰণ নকৰিলে পৰৱৰ্তী সময়ত অনশন কাৰ্যসূচী ২৪-৭৫ঘন্টালৈ ৰূপায়ণ কৰিব বুলিও প্ৰকাশ কৰে ৷ ইপিনে বিশ্ববিদ্যালয়খনৰ পৰিস্থিতি আৰু এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে আজি তেজপুৰ নাগৰিক সমাজে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে ৷ তেজপুৰ মুখ্য ডাকঘৰৰ জৰিয়তে প্ৰেৰণ পাঁচ শতাধিক পত্ৰ প্ৰেৰণৰ নেতৃত্ব দিয়ে স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই ৷ পত্ৰত তেজপুৰ বিশ্ববিদ্যালয় শেহতীয়া স্থিতিক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ দাবী জনোৱা হৈছে ৷
উল্লেখযোগ্য যে, ৮৮ দিনত ভৰি দিলে উপাচাৰ্য বিহীন তেজপুৰ বিশ্ববিদ্যালয়ে ৷ তৎসত্বেও আজিকোপতি অপসাৰণ কৰা নহ'ল বিতৰ্কিত উপাচাৰ্য শম্ভুনাথ সিঙক ৷ বৰ্তমান বিশ্ববিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশৰ যথেষ্ট ক্ষতি হোৱাৰ লগতে উদ্বিগ্ন হৈ পৰিছে অভিভাৱক সকল ৷ ইয়াৰ মাজতে ষান্মাষিকৰ পৰীক্ষাত বহা ছাত্ৰ ছাত্ৰী সকল ক্ষোভৰ লগতে চৰকাৰৰ কৰ্তৃত্বশীল পক্ষই প্ৰদৰ্শন কৰা ভূমিকাত হতাশ হৈ পৰাৰ লগতে ইমান দীঘলীয়া আন্দোলনৰ লগতে কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহেও বিষয়টোকলৈ সোচ্চাৰ হৈ পৰা সত্বেও চৰকাৰে বিষয়টো সম্পূৰ্ণৰূপে উপেক্ষা কৰিছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ