
কামৰূপ, ১৫ ডিচেম্বৰ (হি.স.): ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত দাউদাউ কৈ যোৱা কালি নিশা জ্বলিল মালবাহী ট্ৰাক। ৰঙিয়াৰ উদিয়ানাত চলন্ত ট্ৰাকত লাগিল জুই। ঝাৰখণ্ডৰ পৰা গুৱাহাটীলৈ ৰড কঢ়িয়াই অনা হৈছিল ট্ৰাকখনত।
যান্ত্ৰিক বিজুতি ঘটি অগ্নিদগ্ধ হয় ট্ৰাকখন। কোনোমতে জঁপিয়াই প্ৰাণ ৰক্ষা কৰিলে ট্ৰাকখনৰ চালকে। ঘটনাক লৈ অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃ্ষ্টি হয়। ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে আবদ্ধ পৰে শ শ যান-বাহন । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ