দলগাৱঁৰ কৌপাটীত বাঘৰ আতংক
ভয় আৰু শংকাত দিন অতিবাহিত কৰিছে কেইবাখনো গাৱঁৰ গঞাই।
দলগাৱঁৰ কৌপাটীত বাঘৰ আতংক


দৰং, ১৫ ডিচেম্বৰ (হি.স.): ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰপৰা ওলাই অহা এটি বাঘে নিদ্ৰাহৰণ কৰিছে উদ্যানখনৰ দাঁতিকাষৰীয়া কেইবাখনো গাৱঁৰ গঞাক | উল্লেখ্য যে দলগাওঁ বিধান সভা সমষ্টিৰ পূৱ প্ৰান্তত অৱস্হিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অভাৱনীয় হাৰত বৃদ্ধি পোৱা বাঘে অৰণ্য এৰি জনঅৰণ্যত বিগত বছৰৰ দৰে এইবেলিও নিদ্ৰাহৰণ কৰিছে উদ্যানখনৰ দাঁতিকাষৰীয়া ঘীলাধাৰী, ৰঙাগঢ়া, কাচমাৰী নেপালী , কাচমাৰী সোনাৰীবাসীক |

উল্লেখ্য যে উদ্যানখনৰ গাতে লাগি থকা চাহবাগিচাত শুক্ৰবাৰে সন্ধিয়া প্ৰত্যক্ষ কৰে বাটৰুৱাই | বাঘটো বাগনৰপৰা উদ্যান অভিমুখী হোৱা বুলি ভাবি স্বস্তিৰ নি:শ্বাস পেলাওতেই শনিবাৰে বাঘটোৱে ঘীলাধাৰি গাঁৱত তিনিটাতাকৈ ছাগলী আক্ৰমণ কৰি তাৰে এটা লৈ যায় | বিগত তিনিদিনধৰি ত্ৰাসৰ সৃষ্টি কৰি ৰখা বাঘটো বৰ্তমানেও গাওখনত থকাৰ সন্দেহত বাঘটো ধৰিবলৈ উদ্যান কৰ্তৃপক্ষই পিঞ্জিৰা স্থাপন কৰে গাওঁখনত |

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande