
নতুন দিল্লী, ১৫ ডিচেম্বৰ (হি.স.)। আৰ্জেণ্টিনাৰ ফুটবল কিংবদন্তি লিয়নেল মেছিৰ দিল্লী ভ্ৰমণৰ পূৰ্বে ৰাজধানীৰ পৰিৱেশ সম্পূৰ্ণৰূপে ফুটবলেৰে ভৰি পৰিছিল। সোমবাৰে দিল্লীত উপস্থিত হ'ব মেছিয়ে তেওঁৰ গট ইণ্ডিয়া ভ্ৰমণৰ চূড়ান্ত লেগ হিচাপে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামৰ বাহিৰত বৃহৎ সংখ্যক অনুৰাগীৰ সমাগম হয়, আৰু মেছি, মেছি ধ্বনিৰে সমগ্ৰ অঞ্চলটো উত্তাল হৈ পৰে।
ষ্টেডিয়ামৰ বাহিৰত শাৰী পাতিছিল হাজাৰ হাজাৰ অনুৰাগীয়ে। বহুতে মেছিৰ পোষ্টাৰ হাতত লৈছিল, আন কিছুমানে আৰ্জেণ্টিনাৰ পতাকা লৈছিল, নিজৰ প্ৰিয় খেলুৱৈৰ আভাস পাবলৈ আগ্ৰহী। কলকাতা, হায়দৰাবাদ, মুম্বাই ভ্ৰমণৰ পিছতে মেছিৰ দিল্লী ভ্ৰমণ। কলকাতা বিশৃংখল হৈ থকাৰ সময়তে হায়দৰাবাদ আৰু মুম্বাইৰ অনুষ্ঠান সফল হৈছিল।
ইয়াৰ পূৰ্বে লিয়নেল মেছিয়ে সতীৰ্থ লুইছ ছুৱেৰেজ আৰু ৰড্ৰিগো ডি পলৰ সৈতে মুম্বাইৰ ৱানখেড ষ্টেডিয়ামত অনুৰাগীৰ হৃদয় জয় কৰিছিল। প্ৰখ্যাত ভাৰতীয় ডিজে চেতাছৰ সংগীত আৰু বৰ্ণাঢ্য সাংস্কৃতিক নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠানৰ আৰম্ভণি হয়। ইয়াৰ পিছতে ইণ্ডিয়ান ষ্টাৰছ আৰু মিত্ৰ ষ্টাৰছৰ মাজত প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়, য’ত টাইগাৰ শ্ৰফ, জিম সৰভ, বালা দেৱীৰ দৰে খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে মিত্ৰ ষ্টাৰছৰ নেতৃত্বত থাকে কিংবদন্তি ভাৰতীয় ফুটবলাৰ সুনীল ছেত্ৰী।
সুনীল ছেত্ৰীৰ সৈতে এটা বিশেষ মুহূৰ্ত ভাগ কৰি মেছিয়ে দৰ্শকৰ মাজত ফুটবল টছ কৰি অনুৰাগীক আনন্দিত কৰে। তেওঁ ছেত্ৰীক এখন স্বাক্ষৰিত আৰ্জেণ্টিনাৰ জাৰ্চি উপহাৰ দিয়ে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে মেছিক স্মৃতিগ্ৰন্থৰে সম্বৰ্ধনা জনায়।
অনুষ্ঠানটোৰ সামৰণি পৰে এক ঐতিহাসিক মুহূৰ্তত যেতিয়া ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে লিয়নেল মেছিক টিম ইণ্ডিয়াৰ জাৰ্চি উপহাৰ দিয়ে। ইয়াৰ পিছত টেণ্ডুলকাৰ, ফাডনাভিছ, মেছি, আৰু তেওঁৰ সতীৰ্থসকলৰ সৈতে স্মৰণীয় ফটো তোলা হয়, যাৰ ফলত অনুষ্ঠানটো আৰু বিশেষ হৈ পৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ