
যোৰহাট, ১৫ ডিচেম্বৰ (হি.স.)। বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল দ্বিতীয় টীয়ক গ্ৰন্থমেলা। মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আবৃত্তি কৰিলে কাঞ্চনজংঘা, উপাধ্যক্ষ নোমল মমিনৰ সাৱলীল ভাষণ। শীতৰ কুঁৱলি সনা সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ মুখত কাঞ্চনজংঘাৰ বুৰঞ্জী। গ্ৰন্থ মেলাৰ বাকৰিত সাৱলীলভাৱে আবৃত্তি কৰিলে কাঞ্চনজংঘাৰ বুৰঞ্জী। এয়া টীয়কৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সোঁৱৰণি ক্ষেত্ৰৰ পৰিবেশ।
টীয়ক প্ৰেছ ক্লাৱে আয়োজন কৰা দ্বিতীয় টীয়ক গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত দিনৰ ভাগত অংশ ল'লে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন,অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী আৰু শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননিগোপাল দেৱগোস্বামীয়ে। বৰ্ণাঢ্য কাৰ্যসূচীৰে সাতদিনীয়া কৈ আয়োজন কৰা গ্ৰন্থমেলাত সন্ধিয়াৰ ভাগত অংশ লয় ভাৰত চৰকাৰৰ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই। ভাষণৰ মাজতে সাৱলীল ৰূপত চিৰসেউজ কবিতা আবৃত্তি কৰি মন্ত্ৰমুগ্ধ কৰে দৰ্শক,পাঠকক।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা