শিৱসাগৰ শিমলুগুৰি গড়মূৰৰ অভয়পুৰীয়া গাঁৱত সমূহীয়া নখোৱা পৰ্ব
গাওঁখনৰ ৰাইজ সকলে একত্ৰিত হৈ পালন কৰিছে এই ন-খোৱা পৰ্ব।
শিৱসাগৰ শিমলুগুৰি গড়মূৰৰ অভয়পুৰীয়া গাঁৱত সমূহীয়া নখোৱা পৰ্ব


শিৱসাগৰ, ১৫ ডিচেম্বৰ (হি.স.): গ্ৰাম্যঞ্চলৰ চহা কৃষিজীৱী ৰাইজে আঘোণ মাহত সোণগুটি ধাননি চপাই পালন কৰে নখোৱা পৰ্ব ৷ শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ গড়মূৰৰ অভয়পুৰীয়া গাঁৱত প্ৰায় ২৫বছৰে গাঁওখনৰ ৰাইজ একত্ৰিত হৈ আঘোণ মাহত মুকুন্দ নামঘৰৰ প্ৰাংগণত পালন কৰি আহিছে সমসূহীয়া নখোৱা পৰ্ব ৷ এইবাৰো ব্যতিক্ৰম নহয় শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ গড়মূৰৰ অভয়পুৰীয়া গাঁৱৰ ৰাইজ৷

গাঁওবাসীয়ে আঘোণ মাহতে নামঘৰৰ প্ৰাংগণত কালি সন্ধিয়া মাংগলিক নিয়মেৰে পালন কৰিলে সমূহীয়া নখোৱা পৰ্ব ৷ হাঁহ-কুমুৰা, মাছ, উখোৱা নধানৰ নচাউল, বাৰীৰ শাক-পাচলিৰে গাঁওবাসীয়ে পালন কৰিলে ন-খোৱ পৰ্ব ৷ সুস্বাদু ব্যঞ্জনেৰে ভৰি পৰিল এই সমূহীয়া ন-খোৱা৷ গাঁওখনৰ আৱাল বৃদ্ধ বালক বনিতা সকলো ওলাই আহিল সমূহীয়া ন-খোৱা পৰ্বলৈ ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande