
কাৰ্বি আংলং, ১৫ ডিচেম্বৰ (হি.স.): পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ সৰু-মাটিখোলাত যোৱা কালি দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী দুজন ব্যক্তি।
জানিব পৰামতে, তীব্ৰবেগী মটৰ চাইকেল আৰোহীয়ে প্ৰচণ্ড খুন্দা মাৰে পথৰ কালভাৰ্টত। জেৰিকীণ্ডিঙ-খেৰণি সংযোগী পথত সৰু-মাটিখোলাৰ এটা কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় ভয়ংকৰ বাইক দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন ব্যক্তি। এতিয়াও উদ্ধাৰ হোৱা নাই নিহত ব্যক্তিদ্বয়ৰ পৰিচয়। দুৰ্ঘটনাগ্ৰস্ত বাইকখন জেৰিকীণ্ডিঙ দিশৰ পৰা খেৰণি অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। ইতিমধ্যে ঘটনাস্থলীত খেৰণি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ এএছ ০১ ডিএইচ ৩৯৯৪ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ