
যোৰহাট, ১৫ ডিচেম্বৰ (হি.স.): যোৰহাট জিলাৰ মৰিয়নি ৬১ নং কাটনী গাওঁ পঞ্চায়তৰ ৫নং ৱাৰ্ডত প্ৰধান মন্ত্ৰী গ্ৰামীন আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিক হৈছে। সুদীৰ্ঘ ৯ মাহে সম্পূৰ্ণ নহল প্ৰধান মন্ত্ৰী গ্ৰামীন আৱাস যোজনাৰ অধীনৰ গৃহ নিৰ্মাণৰ কাম।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গৃহ হীন পৰিয়ালক প্ৰধান মন্ত্ৰী গ্ৰামীন আৱাস যোজনাৰ অধীনত হিতাধিকাৰীক গৃহ প্ৰদান কৰি অহাৰ সময়তে একাংশ দুৰ্নীতি গ্ৰস্ত পঞ্চায়তৰ সচিব আৰু অভিযন্তাৰ হৈতে লগ লাগি পঞ্চায়তৰ ৱাৰ্ড সদস্যই হিতাধিকাৰিক গৃহ নিৰ্মাণ কৰি দিয়াৰ নামত আবন্টিত সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। মৰিয়নি ৬১ নং কাটনী গাওঁ পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ সদস্য অমৰ কৰ্মকাৰে কেইবাজনো হিতাধিকাৰীক গৃহ নিৰ্মাণ কৰি দিয়াৰ নামত প্ৰলোভনেৰে আবন্টিত সমূদায় ধন উলিয়াই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। পিছে এই সকলোবোৰ দেখিও বিভাগীয় কৰ্তৃপক্ষ নিমাত হৈ থকাটোহে তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ