পৰ্বতঝোৰাৰ টিপকাই বনাঞ্চলত অঘটন
পৰ্বতঝোৰাৰ টিপকাই বনাঞ্চলত অঘটন।
পৰ্বতঝোৰাৰ টিপকাই বনাঞ্চলত অঘটন


কোকৰাঝাৰ, ১৫ ডিচেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ টিপকাই বনাঞ্চলত এক অঘটন সংঘটিত হৈছে। টিপকাইৰ গুঘোঝোৰা বনাঞ্চলত বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়।

খোৰাঘাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ গুঘোঝোৰা দ্বিতীয় খণ্ড বনাঞ্চলত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো। কি কাৰণত বনৰীয়া হাতীটোৰ মৃত্যু হয় তাক লৈ তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে অঞ্চলটোত। ঘটনাস্থলীত খোৰাঘাট আঞ্চলিক বন বিভাগৰ লোকে উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande