
যোৰহাট, ১৫ ডিচেম্বৰ(হি.স.)। যোৰহাট লোকসভা সমষ্টিৰ চাৰিখন জিলা সামৰি অনুষ্ঠিত হ'ব ‘সাংসদ ক্ৰীড়া মহোৎসৱ’। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই বিষয়ে সংবাদ মাধ্যমক অবগত কৰে।
যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত চৰাইদেউ, মাজুলী শিৱসাগৰ আৰু যোৰহাট এই চাৰিখন জিলা ভিত্তিত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। সেই অনুসৰি এই চাৰিখন জিলাৰ ১০টা বিধানসভা সমষ্টিৰ ৩৬টা মণ্ডলত বিভক্ত কৰি অনুষ্ঠিত হ’ব এই বিশেষ প্ৰতিযোগিতা সমূহ।
প্ৰতিযোগিতাত এথেলেটিক্স, কাবাদী আৰু বিভিন্ন পৰম্পৰাগত খেল অনুষ্ঠিত হ’ব। সেই অনুসৰি অহা ২১ তাৰিখে অনুষ্ঠিত হ’ব মাজুলী মাৰাথন শীৰ্ষক প্ৰতিযোগিতা। মাজুলী মাৰাথন প্ৰতিযোগিতাৰ অন্তৰ্ভুক্ত হ’ব মাজুলী হাফ মাৰাথন, মাজুলী অপেন আৰু গ্ৰেট মাজুলী ৰান।
ইফালে ২১ ডিচেম্বৰৰ পুৱা ৬.৩০ বজাত মাজুলীত অনুষ্ঠিত হ’ব ২১.১ কিলোমিটাৰ দূৰত্বৰ হাফ মাৰাথন। পুৰুষ আৰু মহিলা উভয় শাখাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত বিজয়ীক ৫০ হাজাৰ টকাৰ প্ৰাইজমানী প্ৰদান কৰা হ’ব। এই প্ৰতিযোগিতা দেশৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগীৰ বাবে মুকলি থাকিব। আনহাতে মাজুলী মাৰাথনৰ অংশ হিচাপে লগতে অনুষ্ঠিত কৰা হ’ব ১০ কিলোমিটাৰ দূৰত্বৰ মাজুলী অপেন আৰু ৫ কিলোমিটাৰ দূৰত্বৰ গ্ৰেট মাজুলী ৰাণ।
প্ৰতিযোগিতাৰ অংশ হিচাপে ২১ ডিচেম্বৰ তাৰিখে বিয়লি যোৰহাটৰ টীয়ক বলমাত অনুষ্ঠিত হ'ব ভলীবল প্ৰতিযোগিতা। সেই অনুসৰি ১০টা বিধানসভা সমষ্টিৰ ১০টা দলে অংশগ্ৰহণ কৰিব এই ভলীবল প্ৰতিযোগিতাত। অহা ২৪ ডিচেম্বৰ তাৰিখে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফুটবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাটো দহটা সমষ্টিৰ দহটা দলে অংশগ্ৰহণ কৰাৰ লগতে চূড়ান্ত খেল যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ