মেৰাপানীৰ চীডর্ফ্ৰামত উত্তপ্ত পৰিস্থিতি
মেৰাপানীৰ চীডর্ফ্ৰামত উতপ্ত পৰিস্থিতি ।
মেৰাপানীৰ চীডর্ফ্ৰামত উত্তপ্ত পৰিস্থিতি


গোলাঘাট, ১৫ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ মেৰাপানীৰ চীডর্ফ্ৰামত যোৱা কালি সন্ধিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অসমৰ ভূমিত নগাই চৰাই নিধন কৰাৰ বাধা প্ৰদান কৰাত তিনিজন স্থানীয় লোকক মাৰাপিট কৰে অস্ত্ৰ ধাৰি নগা লোকে ।

দহ জনীয়া অস্ত্ৰধাৰী নগা দলটোৱে নগাই গুলি ফুটুাই সৃষ্টি কৰে সন্ত্ৰাস। ইয়াৰ ফলত নগা অসমীয়াৰ মাজত মাৰপিটৰ সৃষ্টি হয় । এই ঘটনাত তিনিজন লোক গুৰুভাৱে আঘাত প্ৰাপ্ত হয় । ইফালে উত্তেজিত ৰাইজৰ খেদাত নগাৰ দলটোৱে পলায়ন কৰে যদিও দুজনক খেদি খেদি কৰায়ত্ত কৰা হয়। ঘটনাস্থলিত মেৰাপানী আৰক্ষী লগত চিআৰপিএফ উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰে। আনহাতে পলায়ণ কৰা কেইজনক আটক কৰাৰ দাবীত দুজন নগা লোকক কৰায়ত কৰি ৰাখিছে স্থানীয় লোকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande