
কোকৰাঝাৰ, ১৫ ডিচেম্বৰ (হি.স.)। ২৮ ডিচেম্বৰৰ পৰা বাৰ দিনীয়াকৈ অনুষ্ঠিত হ’ব কামতা মিউজিক ফেষ্টিভেল । আজিৰ পৰা আৰম্ভ কোঁচ ৰাজবংশী জনগোষ্ঠীৰ নৃত্য-গীতৰ প্ৰশিক্ষণ । অহা ২৮ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব কামতা মিউজিক ফেষ্টিভেল । সেই উদ্দেশ্যে কোঁচ ৰাজবংশী জনগোষ্ঠীৰ কূশান, গোৱালিনী, হুদুম, বাঁশনৃত্য ইত্যাদি নৃত্য-গীতৰ উপৰি স্বেচ্ছাসেৱক বাহিনীৰ প্ৰশিক্ষণ আজিৰে পৰা আৰম্ভ হয় । কোকৰাঝাৰ চহৰৰ নিকটবৰ্তী দিয়াঝিজিৰি গাঁৱৰ তাৰাং নৈৰ পাৰত অনুষ্ঠিত হ’বলগীয়া স্থানত আজি আবেলি উক্ত প্ৰশিক্ষণত উপস্থিত থাকে বি টি চিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য তথা ফেষ্টিভেলৰ মুখ্য পৃষ্ঠপোষক দেৰহাছাৎ বসুমতাৰী আৰু বি টি চি ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰী ।
বি টি চিত প্ৰতি জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি বিকাশ হোৱা উচিত বুলি উল্লেখ কৰে তেওঁলোকে । আজি প্ৰথম দিনা প্ৰায় দুই শতাধিক শিল্পীয়ে নৃত্য-গীতত অংশগ্ৰহণ কৰে । উক্ত নৃত্য-গীতৰ প্ৰশিক্ষণটো পৰিচালনা কৰে ধনজিত বৰ্মনে । একেলগে পাঁচ হাজাৰ নাচনীয়ে নাচ প্ৰদৰ্শন কৰিব বুলি উদ্যোক্তা সমিতিৰ সম্পাদক ডিজেল্ড কোঁচে জানিবলৈ দিয়ে । প্ৰত্যেক দিন আবেলি নৃত্য-গীতৰ প্ৰশিক্ষণ অনুষ্ঠিত হ’ব । উল্লেখযোগ্য যে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ