
কামৰূপ, ১৫ ডিচেম্বৰ (হি.স.): বাইহাটা চাৰিআলিত যোৱা কালি দেওবাৰে বিয়লি এক অঘটন সংঘটিত হয় । এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় বাইহাটা চাৰিআলিৰ উৰণীয়া সেঁতুৰ তলত। গুৱাহাটী পৰা ৰঙিয়া অভিমুখী এখন যাত্ৰীবাহি বাছে সন্মুখেৰে আহি থকা দুচকিয়া বাহন এখনক মহতিয়াই লৈ যায়।
দুৰ্ঘটনাটোত দুচকীয়া বাহনৰ আৰোহী গৰাকী থিতাতে পৰি ৰয় কিন্তু দুচকীয়া বাহনখন চোঁচৰাই লৈ প্ৰায় ২০০ মিটাৰ দূৰলৈ লৈ আহি বাইহাটা চাৰিআলিৰ উৰণীয়া সেঁতুৰ তলত গাড়ী ৰখাই বাছ খনৰ চালক গৰাকী ঘটনা স্থলীৰ পৰা পলায়ন কৰে। ফলত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। ঘটনা স্থলীত বাইহাটা আৰক্ষী উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । দুচকীয়া বাহনৰ আৰোহী গৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ