
গুৱাহাটী, ১৫ ডিচেম্বৰ (হি.স.)। মৰমৰ শিল্পী জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ কাইলৈ মঙ্গলবাৰৰ পৰা শুনানী গ্ৰহণ কৰা হ'ব। জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত সাত কয়েদিৰ ভাৰ্চুৱেলি গ্ৰহণ কৰা হ'ব ভাষ্য। কাইলৈ সাত অভিযুক্তক হাজিৰ কৰা হ'ব ভাৰ্চুৱেলী। আজি চিজিএম আদালতত এছ আই টিৰ সৈতে উক্ত বিষয়ত বৈঠক অনুষ্ঠিত হোৱাৰ অন্তত এই বিষয়ে গুৰুত্বপুৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
সোশঁৰীৰে হাজিৰ কৰাৰ বিপৰীতে ভাৰ্চুৱেলী লোৱা হ'ব ভাষ্য। ৰাজ্যৰ এগৰাকী জ্য়োষ্ঠ অধিবক্তা বিজন মহাজনে এই বিষয়ে সংবাদ মাধ্যমক অবগত কৰে। জুবিন গাৰ্গ হত্যাৰ সাত অভিযুক্ত হৈছে ক্ৰমে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, সন্দিপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। আৰক্ষীৰ জৰিয়তে অভিযুক্তক প্ৰদান কৰা হ’ব চাৰ্জশ্বিত।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ