
নতুন দিল্লী, ১৫ ডিচেম্বৰ (হি.স.)। আৰ্জেণ্টিনাৰ ফুটবল কিংবদন্তি লিয়নেল মেছিয়ে গট ইণ্ডিয়া ভ্ৰমণৰ সময়ত লাভ কৰা অপৰিসীম মৰমৰ বাবে অনুৰাগীসকলক ধন্যবাদ জনাই কয় যে এই অভিজ্ঞতা তেওঁৰ বাবে অতি বিশেষ আৰু স্মৰণীয়।
অৰুণ জেটলী ষ্টেডিয়ামত ৰাইজক সম্বোধন কৰি মেছিয়ে কয়, সম্প্ৰতি ভাৰতত আমাক যিমান মৰম দিছে তাৰ বাবে ধন্যবাদ। আমাৰ বাবে সেয়া আছিল এক অনন্য অভিজ্ঞতা। ভ্ৰমণটো হয়তো চুটি আৰু ব্যস্ততাপূৰ্ণ আছিল, কিন্তু আমি পোৱা উষ্ণতা আৰু মৰম অবিশ্বাস্য আছিল। আমি ইতিমধ্যে জানিছিলোঁ যে ইয়াত আমাৰ প্ৰতি মৰম আছে, কিন্তু ওচৰৰ পৰা অনুভৱ কৰাটো আচৰিত আছিল। আমি নিশ্চিতভাৱে কোনোবাদিনা আকৌ ভাৰতলৈ উভতি আহিম।
জয় শ্বাহে মেছিক টি-২০ বিশ্বকাপৰ টিকট, স্বাক্ষৰিত জাৰ্চি আৰু বেট উপহাৰ দিয়ে। গট ইণ্ডিয়া ট্যুৰৰ ফাইনেল লেগৰ সময়ত আই চি চিৰ অধ্যক্ষ জে শ্বাহে মেছিক ভাৰত বনাম ইউ এছ এ পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ টিকট প্ৰদান কৰে।দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ডি ডি চি এৰ সভাপতি ৰোহন জেটলী উপস্থিত থাকে। লগতে জে শ্বাহে মেছিক ফ্ৰেমযুক্ত ক্ৰিকেট বেট আৰু টিম ইণ্ডিয়াৰ জাৰ্চিও উপহাৰ দিয়ে। মেছিৰ সৈতে উপস্থিত থকা ৰড্ৰিগো ডি পল আৰু লুইছ ছুৱেৰেজেও লাভ কৰে স্মৃতিগ্ৰন্থ।
মহিলা প্ৰিমিয়াৰ লীগত ৱেষ্ট হাম ইউনাইটেডক প্ৰতিনিধিত্ব কৰা ভাৰতীয় প্ৰাক্তন গ’লৰক্ষক অদিতি চৌহানে তিনিওগৰাকী অতিথিক স্বাক্ষৰিত টি-চাৰ্ট উপহাৰ দিয়ে।
প্ৰচণ্ড কুঁৱলীৰ বাবে দিল্লীত মেছিৰ চাৰ্টাৰ্ড বিমানখন পলম হোৱাৰ পিছত তেওঁ পোনে পোনে দ্য লীলা পেলেচ হোটেললৈ গৈ ব্যক্তিগত মিট এণ্ড গ্ৰীট অনুষ্ঠানত অংশগ্ৰহণ কৰে।
কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত বিশৃংখলতাৰ বাবে গট ইণ্ডিয়া ট্যুৰৰ আৰম্ভণি কঠিন আছিল, য’ত বিপুল জনসমাগম পৰিচালনা কৰাটো আয়োজকসকলৰ বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছতে মেছিয়ে হায়দৰাবাদত শিশুৰ সৈতে ফুটবল খেলি উপল ষ্টেডিয়ামৰ ভিআইপি বক্সৰ পৰা দৰ্শকক সম্ভাষণ জনায়।
মুম্বাইত মেছিয়ে ঐতিহাসিক ৱানখেদে ষ্টেডিয়ামত ক্ৰিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছ, ক্ৰীড়া ব্যক্তিত্ব, চলচ্চিত্ৰ তাৰকা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ