জিলাৰ অনগ্ৰসৰ এফ আৰ চি ভিলেজত শোণিতপুৰ জিলা প্ৰশাসন
-বিনামূলীয়া চিকিৎসা শিৱৰ সম্পন্ন -বাটৰ নাটেৰে সজাগতা -অচিৰেই সৌৰ শক্তি চালিত বিদ্যুৎ যোগানৰ সিদ্ধান্ত -জিলা আয়ুক্তৰ শিক্ষানুষ্ঠান পৰিদৰ্শন শোণিতপুৰ, ১৫ ডিচেম্বৰ (হি.স.)। যিকোনো ধৰণৰ চৰকাৰী সা -সুবিধাৰ পৰা বঞ্চিত হৈ অহা জিলাখনৰ প্ৰত্যন্ত তথা
শোণিতপুৰ জিলাৰ অনগ্ৰসৰ এফ আৰ চি ভিলেজ (বন গাওঁ )ত শোণিতপুৰ জিলা প্ৰশাসন


শোণিতপুৰ জিলাৰ অনগ্ৰসৰ এফ আৰ চি ভিলেজ (বন গাওঁ )ত শোণিতপুৰ জিলা প্ৰশাসন


-বিনামূলীয়া চিকিৎসা শিৱৰ সম্পন্ন -বাটৰ নাটেৰে সজাগতা -অচিৰেই সৌৰ শক্তি চালিত বিদ্যুৎ যোগানৰ সিদ্ধান্ত -জিলা আয়ুক্তৰ শিক্ষানুষ্ঠান পৰিদৰ্শন

শোণিতপুৰ, ১৫ ডিচেম্বৰ (হি.স.)। যিকোনো ধৰণৰ চৰকাৰী সা -সুবিধাৰ পৰা বঞ্চিত হৈ অহা জিলাখনৰ প্ৰত্যন্ত তথা অনগ্ৰসৰ অঞ্চল সমূহৰ সামূহিক উন্নয়নৰ বাবে জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ তৎপৰতাত শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । যুগ যুগ ধৰি যাতায়ত, যোগাযোগ, উন্নত স্বাস্থ্য ব্যৱস্থা, খোৱা পানী, শিক্ষা ব্যৱস্থা আদিৰ পৰা বঞ্চিত হৈ অহা জিলাখনৰ দুৰ্গম অঞ্চল সমূহৰ জনসাধাৰণৰ সামগ্ৰীক কল্যাণৰ জিলাখনৰ সকলো চৰকাৰী বিভাগক সষ্টম কৰি আগবঢ়া পদক্ষেপৰ অংশ হিচাপে যোৱা কালি দেওবাৰে ভালুকপুঙৰ নিকটৱৰ্তী ১ নং শান্তিপুৰ, এফ আৰ চি গাওঁ পৰিদৰ্শন জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ।

ভালুকপুঙৰ নিকটবৰ্তী ১ নং শান্তিপুৰ, এফ আৰ চি অৰ্থাৎ বনগাঁও গাঁও পৰিদৰ্শন কৰি শোণিতপুৰৰ জিলা আয়ুক্তই গাঁওবাসীৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে সমস্যা সন্দৰ্ভত বিশদ আলোচনা কৰে। এই পৰিদৰ্শনত জিলা আয়ুক্তৰ সৈতে স্হানীয় চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত ৰাজেন আচাৰ্য, বন বিভাগৰ ডি এফ অ’, এপিডিচিএল, কৃষি বিভাগ, সমাজ কল্যাণ বিভাগৰ বিষয়াসকলৰ লগতে জিঅ’ আৰু এয়াৰটেলৰ অভিযন্তাসকল উপস্থিত থাকে।গাঁওবাসীৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনাৰ অন্তত প্ৰাৰম্ভিক ভাবে জিলা আয়ুক্তই গাওঁখনত বিজুলী বাতিৰ ব্যৱস্থাৰ বাবে হাই-মাষ্ট সৌৰ লাইট স্থাপনৰ অনুমোদন দিয়ে।

এই পৰিদৰ্শন কালত জিলা আয়ুক্ত গৰাকীৰ সৈতে যোৱা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে বনগাঁওখনৰ কৃষকসকলক বাদাম আৰু মাটি মাহৰ বীজ বিতৰণ কৰে। এপিডিচিএলে সৌৰ বিদ্যুৎ সংযোগ কেনেকৈ লাভ কৰিব পাৰি সেই বিষয়ে গাঁওবাসীক অৱগত কৰে আৰু গাঁওখনত বিদ্যুৎ সংযোগ প্ৰদান সন্দৰ্ভতো বিস্তৃত আলোচনা হয়। পৰিদৰ্শনকালত সমাজ কল্যাণ বিভাগৰ উদ্যোগত মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্ভত জনসাধাৰণক অৱগত কৰাৰ লগতে মহিলাৰ সুবিধাৰ্থে ১৮১ হেল্পলাইন নম্বৰ আৰু শিশুৰ বাবে ১০৯৮ চাইল্ড হেল্পলাইন নম্বৰ সম্পৰ্কেও অৱগত কৰা হয়। গাঁওবাসীক ঘৰুৱা হিংসা, নিচামুক্তি আৰু প’কছ’ (POCSO) আইনৰ বিষয়ে সচেতন কৰিবলৈ এখন পথ নাটকো পৰিৱেশন কৰা হয়।

উল্লেখ্য যে, এই কাৰ্যসূচীত ভ্ৰাম্যমাণ চিকিৎসা সেৱাৰ দলো উপস্থিত থাকে। দলটোৱে এক চিকিৎসা শিবিৰ আয়োজন কৰি বিনামূলীয়া চিকিৎসা সেৱা আৰু পৰামৰ্শ প্ৰদান কৰে, যাৰ ফলত ১২০ গৰাকীৰো অধিক ৰোগীক স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰ উপৰি জিলা আয়ুক্তই তিনিখন বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়সমূহৰ অৱস্থাৰো মূল্যায়ন কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande