তামুলপুৰৰ নাগ্ৰিজুলিত ভয়াৱহ অগ্নিকাণ্ড
তামুলপুৰৰ নাগ্ৰিজুলিত ভয়াৱহ অগ্নিকাণ্ড।
তামুলপুৰৰ নাগ্ৰিজুলিত ভয়াৱহ অগ্নিকাণ্ড


তামুলপুৰ, ১৫ ডিচেম্বৰ (হি.স.): তামুলপুৰৰ নাগ্ৰিজুলিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জুইত জাহ গ'ল কেইবালক্ষাধিক টকা সা-সম্পত্তি। তামুলপুৰ জিলা নাগ্ৰিজুলিত কালি বিয়লি ভাগত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি জুইত ভস্মীভূত হয় ৷

জানিব পৰা মতে ৰাজু লমছালৰ কম্পিউটাৰ প্ৰেছৰ পৰা এই জুইৰ সূত্ৰপাত হয়। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ পৰা জুইৰ সুত্ৰপাতৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। কম্পিউটাৰ প্ৰেছৰ পৰা জুই লগাৰ পিছত একেলগে থকা আন সাতখন ষ্টেচনাৰী, টেইৰিং, গুদাম আদি দোকানখনৈ ও জুইৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপৰ বাহিনীৰ বাহন উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিও জুই জাহ যায় দোকান কেইখনৰ সা–সামগ্ৰী৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande