
হাইলাকান্দি, ১৫ ডিচেম্বৰ (হি.স.): হাইলাকান্দিৰ আলগাপুৰ বজাৰত হঠাৎ অগ্নিকাণ্ড সংঘটিত হৈ চুপাৰ মাৰ্কেটৰ গুদাম ছাই হৈ পৰে। অৱশ্য়ে জুই অধিক বিয়পিব নোৱাৰিলে। ফলত ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা আলগাপুৰ বজাৰ।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰায় দুঘণ্টাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। অৱশ্যে পুলিচ বাহিনীটো আগতেই নিয়োগ কৰা হৈছিল। দেওবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা। স্থানীয় ৰাইজৰ খবৰ পাই গোটেই ঠাইৰ পৰা হাজাৰ হাজাৰ মানুহ গোট খালে। প্ৰত্যক্ষদৰ্শীৰ মতে, দীৰ্ঘদিন ধৰি আলগাপুৰ অঞ্চলত অগ্নিনিৰ্বাপক বাহিনীৰ কেন্দ্ৰৰ দাবী থকাৰ পিছতো হাইলাকান্দি জিলা প্ৰশাসনে এই দাবী কাৰ্যকৰী কৰিব পৰা নাই। যাৰ বাবে অগ্নিনিৰ্বাপক বাহিনী হাইলাকান্দি পাচগ্ৰাম বা হাইলাকান্দিৰ পৰা আহিবলগীয়া হৈছিল আৰু তাৰ আগতে জুইয়ে সকলো ধ্বংস কৰি পেলাইছিল। এই সকলো সমস্যাৰ মাজতো জিলা প্ৰশাসন নীৰৱে বহি আছে বুলি স্থানীয় নাগৰিক তথা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হেলাল উদ্দিন লস্কৰে কয়। ইফালে, ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি যোৱা ঘৰটোৰ মালিকক ক্ষতিপূৰণ দিয়াৰ লগতে জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ