বৰপেটাৰ ভাতনা পাইতি চৰত ভয়ংকৰ অগ্নিকাণ্ড
ভাতনা পাইতি চৰত ভয়ংকৰ অগ্নিকাণ্ড।
বৰপেটাৰ ভাতনা পাইতি চৰত ভয়ংকৰ অগ্নিকাণ্ড


বৰপেটা, ১৫ ডিচেম্বৰ (হি.স.): বৰপেটা জিলাৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাতনা পাইতি চৰত যোৱা কালি দেওবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত ৩ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হয়। উক্ত অগ্নিকাণ্ডৰ ফলত চৰিটা গৰু আৰু ৭ টা ভেড়া ছাগলী উপৰিও কুকুৰা জুইত পুৰি ভষ্মূভূত হয়।

ভাতনা পাইতি চৰৰ ইন্নছ আলী নামৰ লোকজনৰ গোহালি ঘৰত এই অগ্নিকাণ্ড সংঘটিত হৈছে। ভূক্তভোগীৰ অভিযোগ কোনো দুষ্কৃৃতিকাৰিয়ে এই জুই সংযোগ কৰিছে। ইন্নছ আলীৰ গোহালি ঘৰত থকা পশুধনসমূহ সম্পূৰ্ণৰূপে ভস্মিভূত হয়। নিশা সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত সমগ্ৰ অঞ্চলটোতে শোকৰ ছা বিৰাজ কৰিছে । কৃষি নিৰ্ভৰ ভূক্তভোগী পৰিয়ালটোৱে প্ৰশাসনৰ ওচৰত ক্ষতিপূৰণ দিৰাৰ বাবে কাতৰ অনুৰোধ জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande