মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমনক সাক্ষাৎ
গুৱাহাটী, ১৫ ডিচেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে নতুন দিল্লীৰ সংসদ ভৱনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই অসমৰ উন্নয়ন আৰু ৰাজ্যবাসীৰ কল্যাণৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়
Assam CM Meeting FM Nirmala Sitharaman.


গুৱাহাটী, ১৫ ডিচেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে নতুন দিল্লীৰ সংসদ ভৱনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই অসমৰ উন্নয়ন আৰু ৰাজ্যবাসীৰ কল্যাণৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চৰ্চা কৰে।

ছ’চিয়েল মিডিয়াত তথ্য ভাগ-বতৰা কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বৈঠকৰ সময়ত তেওঁ কেন্দ্ৰীয় বিত্তমন্ত্ৰীক অসমৰ চলি থকা উন্নয়নৰ পৰিকল্পনা আৰু ভৱিষ্যতৰ অগ্ৰাধিকাৰৰ বিষয়ে অৱগত কৰে। ৰাজ্যৰ উন্নয়ন যাত্ৰাক অধিক ত্বৰান্বিত কৰাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰতো চৰ্চা কৰা হয়।

ড০ শর্মাই অসমৰ অবিৰত উন্নয়নত কেন্দ্রীয় চৰকাৰৰ সহায় সহযোগিতাৰ বাবে কেন্দ্রীয় বিত্তমন্ত্রীৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰি কয় যে তেওঁৰ অবিৰত সহায়ে ৰাজ্যখনৰ উন্নয়ন আৰু জনকল্যাণমূলক পদক্ষেপক শক্তিশালী কৰি তুলিছে৷

--------

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande