
গুৱাহাটী, ১৫ ডিচেম্বৰ (হি.স.)। অসমত ২০২৬ চনত অনুষ্ঠিত হ'ব লগা আগন্তুক বিধানসভা নিৰ্বাচন উপলক্ষে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমৰ বাবে এজন নিৰ্বাচনী পৰ্যবেক্ষক আৰু দুজন সহযোগী নিৰ্বাচনী পৰ্যবেক্ষক নিয়োগ কৰিছে।
ভাৰতীয় জনতা পাৰ্টি(বিজেপি)ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে আজি সংবাদ মাধ্যমক অবগত কৰা অনুসৰি দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডাই দলৰ সাংসদ তথা ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্ত পাণ্ডাক নিৰ্বাচনী পৰ্যবেক্ষক, জম্মু আৰু কাশ্মীৰ বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা বিধায়ক সুনীল কুমাৰ শৰ্মাক সহ নিৰ্বাচনী পৰ্যবেক্ষক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনা বেন জাৰ্দশক অসমৰ সহ নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ