
চিৰাং, ১৫ ডিচেম্বৰ (হি.স.): বিজনীত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ চেতনা কণ্ঠ সন্মিলন। বিজনীৰ ড° বি আৰ আম্বেদকাৰ প্রেক্ষা গৃহত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰচন কেন্দ্ৰীয় কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় এই সন্মিলন। উক্ত সন্মিলন খন কালি ৰাতিপুৱা ১১বজাত আৰম্ভ হৈ আবেলি সামৰণি পৰে।
সভাৰ অন্তত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰচনৰ কেন্দ্ৰীয় সভাপতি হৰেন্দ্ৰ দাসে সংবাদ মাধ্যমৰ আগত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰে নিৰ্বাচনৰ আগত বঙালী সকলক আঁকোৱালি লয় আৰু নিৰ্বাচনৰ পিছত বাঙালী সকলক ৰাজনৈতিক ভাবে হেঁচা প্ৰয়োগ কৰি ডবাই ৰাখে। লগতে তেওঁ কয় যে আগন্তুক বিধাসভা নিৰ্বাচনত বাঙালী সম্প্ৰদায়ৰ লোক বেছি থকা বিটিচিৰ ৫টা সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলে বেংগলী প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আহ্বান জনায়। যদি প্ৰতিটো ৰাজনৈতিক দলে বেংগলী প্ৰাৰ্থী প্ৰক্ষেপ নকৰে তেনেহ’লে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডৰেচনে সেই পাঁচটা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি মন্তব্য দিয়াৰ উপৰিও বহু কেইটা বিস্ফোৰক মন্তব্য আগবঢ়ায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ