
গোৱালপাৰা, ১৫ ডিচেম্বৰ (হি.স.)। আৰম্ভ হ'ল বাদুংডুপ্পা কলা কেন্দ্ৰৰ বাৰ্ষিক থিয়েটাৰ মহোৎসৱ আণ্ডাৰ দা শাল ট্ৰী । উদুলী মুদুলী গোৱালপাৰা,জিলা স্থিত কলাকেন্দ্ৰৰ বাকৰি। বাদুংডুপ্পা কলা কেন্দ্ৰৰ জনক তথা স্বনামধন্য নাট্যকাৰ প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ সম্পৰীক্ষণ মূলক এক প্ৰকাৰৰ নাট্য আন্দোলন হ'ল আণ্ডাৰ দা শাল ট্ৰী । এইবেলি এদিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানটোত গোৱালপাৰাৰ ৰামপুৰত থকা বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত শাল গছৰ মাজত মুকলি আকাশৰ তলত এইবেলি প্ৰদৰ্শন কৰা হৈছে সৰ্বমুঠ ৩ খনকৈ নাটক ।
আন্তৰ্জাতিক থিয়েটাৰ মহোৎসৱ আণ্ডাৰ দা শাল ট্ৰীত প্ৰদৰ্শন হোৱা এই নাটক কেইখনৰ দৰ্শক ৰূপে উপস্থিত থাকে দেশৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ সৈতে বহু কেই গৰাকী বিদেশী নাট্য অনুৰাগীও ।
উল্লেখ্য যে, বাদুংডুপ্পা হৈছে ৰাভা জনগোষ্ঠীৰ বাঁহেৰে নিৰ্মিত এটা বাদ্যযন্ত্ৰ । উক্ত বাদ্যযন্ত্ৰটোৰ নামেৰেই নামাকৰণ কৰা হৈছিল নাট্য সম্ৰাট শুক্ৰাচাৰ্য ৰাভাৰ সপোনৰ বাদুংডুপ্পা কলা কেন্দ্ৰ । অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট সাংবাদিক দিলীপ চন্দনে ৷ অনুষ্ঠিত হোৱা নাটক কেইখন ক্ৰমে- মদন ৰাভাৰ ৰচিত আৰু ধনঞ্জয় ৰাভাৰ পৰিচালিত ৰাভা ভাষাৰ “ৰণজুমুক” , অংশুমান শইকীয়াৰ পৰিচালিত অসমীয়া নাটক “এদিন তেওঁ আহিব” আৰু অনুপ হাজৰিকাৰ হিন্দী নাটক “ডেৰ ইঞ্চ উপাৰ” ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা