
-উপাচাৰ্য শম্ভুনাথক অপসাৰণৰ দাবী
শোণিতপুৰ, ১৫ ডিচেম্বৰ (হি.স.)। এ আই ডি এছ অ'ৰ সৰ্বভাৰতীয় কাউন্সিলৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয় বচাওঁক আৰু ৰাজহুৱা শিক্ষানুষ্ঠান ৰক্ষা কৰাৰ শ্লোগানৰ লগতে আন্দোলনৰত ছাত্ৰ ছাত্ৰীৰ তথা শিক্ষক কৰ্মচাৰী সকললৈ সংহতি জনাই সমগ্ৰ দেশৰ সৈতে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়, কাছাৰৰ জি চি বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপত কেম্পাছ ডেম'ক্ৰেচি ডে পালন কৰা হয়।
শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত আজি তেজপুৰৰ বিশ্ববিদ্যালয়ৰ গেইটৰ সমীপত ঐতিহ্যমণ্ডিত তেজপুৰ বিশ্ববিদ্যালয়ৰ বিতৰ্কিত উপাচাৰ্যৰ অপসাৰণ আৰু বিশ্ববিদ্যালয় খনৰ চৌহদত ছাত্ৰ ছাত্ৰী তথা শিক্ষক কৰ্মচাৰী বৃন্দই দীৰ্ঘদিন ধৰি বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য গৰাকীৰ অনিয়ম তথা দুৰ্নীতিৰ বিৰুদ্ধে সংঘটিত আন্দোলনৰ প্ৰতি সংহতি জনাই অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ছাত্ৰ বিক্ষোভ আৰু সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। প্ৰতিবাদী সভাত আঁত দৰে শোণিতপুৰ জিলা কমিটিৰ সভাপতি নয়নমণি চৌধুৰীয়ে।
প্ৰতিবাদী সভাত বক্তব্য ৰাখে এ আই ডি এছ অ'ৰ অসম ৰাজ্যিক কাউন্সিলৰ যুটীয়া সম্পাদক মাৰ্ধুয্য গগৈ আৰু উপ সভাপতি পল্লৱ পেগুৱে। বক্তব্যত কয় যে বিশ্ব বিদ্যালয়ৰখনৰ ভিতৰত আজি ৯০ দিন এই আন্দোলন চলি আছে। আমি দৃঢ়তাৰে দাবী কৰোঁ কোনো এখন অনুষ্ঠানৰ মুৰব্বী জনৰ বিৰুদ্ধে উত্থাপিত যিকোনো বিষয় প্ৰশাসনিক তথা আইনী ব্যৱস্থাৰ জৰিয়তে সঠিক মূল্যায়ন কৰি দোষী জনক শাস্তি প্ৰদান বা পদবীৰ পৰা অপসাৰণ কৰাৰ ব্যৱস্থা আছে বিপৰীতে চৰকাৰ বিষয়টোৰ ওপৰত সম্পূৰ্ণ নিমাত। উপাচাৰ্য গৰাকীৰ কৰ্মকাণ্ডই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে দেশ তথা ৰাজ্যৰ সাধাৰণ মানুহক উদিগ্ন কৰি তুলিছে । আমি বিশ্বাস কৰোঁ এনে জটিল সন্ধিক্ষণতো তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক কৰ্মচাৰী বৃন্দৰ আৰু চৰকাৰৰ সৈতে আলোচনাৰ জৰিয়তে মীমাংসা কৰা যায়। অন্যথা এই আন্দোলন তীব্ৰ পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ ৰূপ ল'ব।
ইয়াৰ পাছতেই এ আই ডি এছ অ'ৰ শোণিতপুৰ জিলা কমিটিৰ সভাপতি নয়নমণি চৌধুৰীয়ে অতিশীঘ্ৰে তেজপুৰ বিশ্ববিদ্যালয়ত স্থায়ী উপাচাৰ্য নিয়োগ কৰা, বিতৰ্কিত উপাচাৰ্যক অতিশীঘ্ৰে অপসাৰণ কৰা আৰু বিশ্ববিদ্যালয়ত সংঘটিত দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰা লগতে তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰ সংসদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিবাদী স্থলীত উত্থাপন কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ