
গুৱাহাটী, ১৫ ডিচেম্বৰ (হি.স.)। অসম ৰাজ্যিক পৰিবহণ নিগমৰ গুৱাহাটীৰ ৰূপনগৰ স্থিত নৱনিৰ্মিত মুখ্য কাৰ্যালয়টো আজি অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি পৰিবহণ মন্ত্ৰী গৰাকীয়ে কয় যে, সুদীৰ্ঘ ৪০ বছৰৰো অধিক সময়ৰ পিছত অসম ৰাজ্যিক পৰিবহণ নিগমে আজি এটা নতুন ঠিকনা লাভ কৰিলে ।
বৰ্তমান অসম ৰাজ্যিক পৰিবহণ নিগমৰ স্থিতি সুস্থিৰ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ পৰিবহণ খণ্ডলৈ অহা উন্নয়নত অসম ৰাজ্যিক পৰিবহণ নিগমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গুৱাহাটীৰ পল্টন বজাৰৰ পৰা স্থানান্তৰিত কৰি ৰূপনগৰত নিজৰ স্থায়ী কাৰ্যালয় স্থাপনে পৰিবহণ নিগমক পুনৰ উজ্জীৱিত কৰি তুলিবলৈ সক্ষম হ'ব বুলি মন্ত্ৰী গৰাকীয়ে কয়। তদুপৰি জালুকবাৰীত অসম ৰাজ্যিক পৰিবহণ নিগমে লাভ কৰা ২০ বিঘা মাটিত অত্যাধুনিক আই এচ বি টি নিৰ্মাণ কৰি পৰিবহণ খণ্ডক অধিক সুচল কৰাৰ প্ৰয়াস কৰিব বুলিও মন্ত্ৰী গৰাকী মন্তব্য কৰে।
অনুষ্ঠানত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাসে অংশগ্ৰহণ কৰি সমগ্ৰ প্ৰক্ৰিয়াটো ৰূপান্তৰৰ এক প্ৰয়াস বুলি উল্লেখ কৰে। উত্তৰ-পূব ৰেলৱেৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি পল্টন বজাৰৰ পুৰণি অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ বিপৰীতে ৰূপনগৰত নতুন কাৰ্যালয় স্থাপন কৰাৰ লগতে জালুকবাৰীত ২০ বিঘা মাটি লাভ কৰিবলৈ সক্ষম হৈছে বুলি অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে।
অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকনে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ, আয়ুক্ত সচিব আকাশদ্বীপ, পৰিবহণ বিভাগৰ আয়ুক্ত সচিব মানবেন্দ্ৰ প্ৰতাপ সিং, যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ