মুখ্যমন্ত্ৰী শৰ্মাৰ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন
গুৱাহাটী, ১৫ ডিচেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা বিজেপি অসম প্ৰদেশৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য কবীন্দ্ৰ পুৰকায়স্থক তেখেতৰ ৯৪ সংখ্যক জন্মদিনত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। ছ’চিয়েল মিডিয়াত প্
भाजपा नेता कबिंद्र पुरकायस्थ।


গুৱাহাটী, ১৫ ডিচেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা বিজেপি অসম প্ৰদেশৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য কবীন্দ্ৰ পুৰকায়স্থক তেখেতৰ ৯৪ সংখ্যক জন্মদিনত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে কবীন্দ্ৰ পুৰকায়স্থ দলৰ বাবে পিতৃসুলভ ব্যক্তি, যাৰ অমূল্য পথ প্ৰদৰ্শনে বছৰ বছৰ ধৰি জনসেৱাৰ অভিযানক অনুপ্ৰাণিত কৰি আহিছে। বিজেপি অসম সংগঠন গঠন আৰু শক্তিশালীকৰণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ড° শৰ্মাই দেৱী কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত কবীন্দ্ৰ পুৰকায়স্থক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰিবলৈ প্ৰাৰ্থনা কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande