বটদ্ৰৱা থান সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহ: মুখ্যমন্ত্ৰী শৰ্মা
গুৱাহাটী, ১৫ ডিচেম্বৰ (হি.স.)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতিত উৎসৰ্গিত শ্ৰী শ্ৰী বটদ্ৰৱা থান সাংস্কৃতিক প্ৰকল্পৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে।
बटद्रवा थान परियोजना की तस्वीरें।


গুৱাহাটী, ১৫ ডিচেম্বৰ (হি.স.)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতিত উৎসৰ্গিত শ্ৰী শ্ৰী বটদ্ৰৱা থান সাংস্কৃতিক প্ৰকল্পৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে।

উদ্বোধনী অনুষ্ঠানৰ পূর্বে সোমবাৰে মুখ্যমন্ত্রীয়ে ছ’চিয়েল মিডিয়াত প্রকল্পটোৰ আভাস ভাগ কৰি কয় যে এই ৰূপান্তৰ অসমৰ সাংস্কৃতিক চেতনা আৰু আধ্যাত্মিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সাফল্য৷ তেওঁ উল্লেখ কৰে যে ৰাজ্য চৰকাৰে বটদ্ৰৱা থানৰ পবিত্ৰ ভূমি বেদখলৰ পৰা মুক্ত কৰি সংৰক্ষণৰ দিশত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰীৰ মতে, এই অতি পবিত্ৰ স্থানটোক সুৰক্ষা, সংৰক্ষণ আৰু উন্নয়নৰ লক্ষ্যৰে বটদ্ৰৱা থান সাংস্কৃতিক প্ৰকল্প আৰম্ভ কৰা হৈছিল। তেওঁ উল্লেখ কৰে যে বটদ্ৰৱা থান কেৱল অসমৰ জনগোষ্ঠীয় জীৱনৰ অবিচ্ছেদ্য অংগ নহয়, ভাৰতৰ চহকী আধ্যাত্মিক পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক।

ড° শৰ্মাই উল্লেখ কৰে যে এই স্থান বিশ্বমানৰ আধ্যাত্মিক আৰু পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে, যাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিৰন্তন উত্তৰাধিকাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰিব পৰা যায়। তেওঁ কয় যে বেদখলৰ পৰা মুক্ত আৰু পুনৰুজ্জীৱিত এই আধ্যাত্মিক কেন্দ্ৰটো এতিয়া নতুন ৰূপত ভক্ত আৰু পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande