
ৱাশ্বিংটন, ১৪ ডিচেম্বৰ (হি.স.)। আমেৰিকাৰ ৰোড আইলেণ্ডৰ ব্ৰাউন বিশ্ববিদ্যালয়ত সংঘটিত গুলীচালনাত কমেও দুজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। ঘটনাৰ সময়ত পৰীক্ষা চলি আছিল। আৰক্ষীয়ে জনোৱা মতে, গুলীচালনাৰ পিছতে সন্দেহজনক লোকজনে পলায়ন কৰে আৰু তেওঁক বিচাৰি থকা হৈছে।
চিবিএছ নিউজৰ এক প্ৰতিবেদন অনুসৰি আৰক্ষী বিষয়াসকলে জনোৱা মতে, শনিবাৰে বিয়লি ব্ৰাউন বিশ্ববিদ্যালয়ত গুলীচালনা সংঘটিত হয়। সন্ধিয়াৰ সংবাদমেলত প্ৰভিডেন্সৰ মেয়ৰ ব্ৰেট স্মাইলীয়ে কয় যে স্থানীয় সময় মতে সন্ধিয়া প্ৰায় চাৰি বজাত তেওঁ বাৰছ আৰু হলী ইঞ্জিনিয়াৰিং বিল্ডিঙত গুলীচালনাৰ তথ্য লাভ কৰে ।
স্মাইলীয়ে কয় যে কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৮জনক সংকটজনক অৱস্থাত ৰোড আইলেণ্ড হাস্পতাললৈ লৈ যোৱা হৈছে। স্মাইলীয়ে কয় যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। প্ৰভিডেন্সৰ উপ আৰক্ষী অধীক্ষক টিম অ’হাৰাই জনোৱা মতে, সেই স্থানৰ পৰা কোনো অস্ত্ৰ উদ্ধাৰ কৰা হোৱা নাই। প্ৰত্যক্ষদৰ্শীয়ে সন্দেহজনক লোকজনক কেৱল ক’লা কাপোৰ পিন্ধা লোক বুলিহে বৰ্ণনা কৰিছে।
বিশ্ববিদ্যালয়খনৰ নিৰাপত্তা সেৱা বিভাগে প্ৰথমে এজন সন্দেহযুক্ত লোকক জিম্মাত লোৱাৰ খবৰ দিছিল যদিও পিছত সেই বক্তব্য প্ৰত্যাহাৰ কৰে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলৰ এটা পোষ্টত লিখিছে যে তেওঁক এই গুলীচালনাৰ বিষয়ে অৱগত কৰা হৈছে। ট্ৰাম্পে শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা ব্যক্ত কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ