
শিৱসাগৰ, ১৪ ডিচেম্বৰ (হি.স.)। ৰাজ্যৰ বিভিন্ন স্থানত সিচৰিত হৈ থকা বনভোজ স্থলী সমূহত বৰ্তমান দেশী বিদেশী পৰ্য্যটকৰ লগতে বনভোজৰ দল সমূহে ভীৰ কৰা পৰিলক্ষিত হৈছে ৷ বাদপৰা নাই নাজিৰা সমজিলাৰ অসম নগালেণ্ড সীমান্তৰ গেলেকীৰ কমলাবাৰীৰ বনভোজ স্থলী ৷ গেলেকীলৈ আগমণ ঘটিছে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল ৷ শিক্ষাৰ্থী সকলৰ বাবে কমলাবাৰী বন পৰিচালনা সমিতিয়ে গঢ়ি তুলিছে শৈক্ষিক পৰিবেশৰ এক নতুন অধ্যায় ৷ যত শিক্ষাৰ্থী সকলে সংপৃক্ত হব পাৰিব বিভিন্ন ঔষধৰ গছ সমূহৰ লগতে চিনাক্ত হব পাৰিব বিভিন্ন ফলমূল গছেৰে পৰিপূৰ্ণ হৈ থকা বাগিচাৰ লগত ৷
আনহাতে দেওবাৰে দেখা গল ধেমাজী জিলাৰ ডিমৌ বনভোজ স্থলীৰ এক মনোৰম দৃশ্য ৷ পুৱাই আহি দেশী বিদেশী পৰ্য্যতকে ভীৰ কৰা ডিমৌৰ বনভোজ স্থলীৰ ওখ ওখ পাহাৰ শিলৰ মাজেৰে বৈ অহা জুৰিৰ কুলু কুলু শব্দ সচাকৈয়ে এক মনোৰম পৰিবেশ ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা