তেজপুৰত অসম সাঁতোৰ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
শোণিতপুৰ, ১৪ ডিচেম্বৰ (হি.স.)। অসম সাঁতোৰ সন্থাই ২০২৬ত ৰাজ্যত দুখন বৃহৎ সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে ৷ আজি তেজপুৰৰ হজৰাপাৰ স্হিত জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত শোণিতপুৰ জিলা সাঁতোৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম সাঁতোৰ
তেজপুৰত অসম সাঁতোৰ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত


শোণিতপুৰ, ১৪ ডিচেম্বৰ (হি.স.)। অসম সাঁতোৰ সন্থাই ২০২৬ত ৰাজ্যত দুখন বৃহৎ সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে ৷ আজি তেজপুৰৰ হজৰাপাৰ স্হিত জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত শোণিতপুৰ জিলা সাঁতোৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম সাঁতোৰ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত আগন্তুক বৰ্ষটোৰ বাবে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া জলক্ৰীড়া সূচীও প্ৰস্তুত কৰা হয় ৷ ইয়াৰ পাছতেই এই বিষয়ে সদৰি কৰে অসম সাঁতোৰ সন্হাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে৷

উল্লেখযোগ্য যে, ইয়াৰে ভিতৰত ব্ৰহ্মপুত্ৰ অপেন চেম্পিয়নশ্বিপ হিচাপে এখন আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক সাঁতোৰ সংস্থাটোৱে৷ আনহাতে শিৱসাগৰত ৰাষ্ট্ৰীয় মুকলি সাঁতোৰ প্ৰতিযোগিতা আয়োজনৰো সিদ্ধান্ত গ্ৰহণ কৰে ৷ ৰাজ্যৰ সাঁতোৰ প্ৰশিক্ষক সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অসম সাঁতোৰ সন্থাই ২০২৬ৰ পৰা এটা বঁটা প্ৰদান কৰিব শ্ৰেষ্ঠ সাঁতোৰ প্ৰশিক্ষক একোগৰাকীক৷ এই বঁটাত এখন মানপত্ৰ,স্মাৰক আৰু নগদ ধন থাকিব ৷ অসম সাঁতোৰ সন্থাৰ সম্পাদক দাসে কয় যে, বৰ্তমান ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈক অংশ গ্ৰহণ কৰিব পৰাকৈ ৰাজ্যৰ সাঁতোৰ প্ৰশিক্ষক সকলে উপযুক্তভাবে গঢ়ি তুলিছে ৷ গতিকে এইসকল প্ৰশিক্ষকক উৎসাহিত কৰাৰ উদ্দেশ্যৰেই অসম সাঁতোৰ সন্হাই প্ৰশিক্ষকৰ বাবে বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

উল্লেখযোগ্য যে আজিৰ এই সাধাৰণ সভাখনত ৰাজ্যৰ বিভিন্ন জিলাৰ পঞ্জীয়নভুক্ত সাঁতোৰ সন্হাৰ প্ৰতিনিধি তথা ৰাজ্যিক সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক দাসৰ উপৰিও অসম সাঁতোৰ সন্থাৰ সম্পাদক অসম সাঁতোৰ সন্থাৰ যুটীয়া সম্পাদকদ্বয় চন্দন জ্যোতি ফুকন আৰু দিব্যজ্যোতি শৰ্মা, অসম সাঁতোৰ সন্থাৰ কাৰ্যবাহী সদস্য জানমনি বৰা তথা শোণিতপুৰ একোৱাটিক এছ'চিয়েচনৰ প্ৰচাৰ সম্পাদক প্ৰদীপ শৰ্মায়ো অংশ লয়৷ উল্লেখযোগ্য যে, দেশৰ উত্তৰ পূৰ্বাঞ্চল ভিত্তিক জলক্ৰীড়াৰ লগতে ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাখন অধিক বিস্তৃত ভাবে অনুষ্ঠিত কৰা তথা জিলা আৰু ক্লাৱ পৰ্যায়তো সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হয় আজিৰ সভাত ৷ তদুপৰি ৰাজ্যত ৱাটাৰ প’লকে ধৰি বিভিন্ন জলক্ৰীড়া আয়োজনতো গুৰুত্ব প্ৰদান কৰা হয় ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande