
ধুবুৰী, ১৪ ডিচেম্বৰ (হি.স.): খেতি পথাৰৰ তথা শস্য বিনষ্ট কৰাৰ বিৰুদ্ধে তামাৰহাট প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে। দেশী সকলৰ ভূমিৰ খেতি নষ্ট কৰাৰ অভিযোগত যোৱা কালি শনিবাৰে বিয়লি তিনিজনক আটক কৰা হয়।
তামাৰহাটত শুক্ৰবাৰে ধুবুৰী জিলা দেশী জনগোষ্টী মঞ্চ, অসম দেশী যুৱ ছাত্ৰ মঞ্চ, অসম আৰু সদৌ দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ ।প্ৰতিবাদকাৰীয়ে উত্থাপন কৰিছিল পাঁচটাকৈ দাবী । তৎকালীন ভাবে এটাৰ পিছত আনটো দাবী কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিছে ধুবুৰী প্ৰশাসনে । কালি বিয়লি গোলকগঞ্জ আৰক্ষীয়ে আটক কৰে তিনিজনকৈ ভু-মাফিয়াক । আটক ছানিদুল হক, জাহৰুদ্দিন শ্বেখ আৰু আমজাত আলী । তিনিওৰে ঘৰ গোলকগঞ্জৰ ঘৰীয়ালডাঙ্গাত । শতাধিক লোকে একত্ৰিত হৈ জেচিপিৰে চলাইছিল খেতিপথাৰ ধ্বংসযজ্ঞ । ইফালে ঘটনাস্থলীত গোলকগঞ্জ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে । ইপিনে শুক্ৰবাৰেই ধুবুৰীৰ গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ দাসক ৰিজাৰ্ভ ক্লছ কৰিছিল ধুবুৰী প্ৰশাসনে । দেশী জনগোষ্ঠীৰ ৰ্দোষী লোকক হাৰাশাস্তি দি দোষীক ৰক্ষণাবেক্ষণ দিয়া অভিযোগ উঠিছিল বিষয়া গৰাকীৰ বিৰুদ্ধে । পূৰ্বতে তামাহাট থানাত কৰ্তব্যৰত থাকোতে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল বিষয়াগৰাকীৰ বিৰুদ্ধে । প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰাৰ পিছতেই তাৎক্ষণিক ভাবে ধুবুৰী জিলা প্ৰশাসনে আৰম্ভ কৰিছে পদক্ষেপ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ