
ধুবুৰী, ১৪ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটৰ বৰজান গাঁৱৰ মাতৃ-পুত্ৰ বিগত ৯৫ দিনে সন্ধানহীন হৈ আছে । আৰক্ষী আৰু পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰিও উলিয়াব পৰা নাই কোনো সন্ধান । পৰিয়ালৰ লোকৰ সন্দেহ কোনো মানৱ সৰবৰাহকাৰীয়ে ফুচুলাই নি ধনৰ বিনিময়ত অজ্ঞাত স্থানত আবদ্ধ কৰি ৰাখিছে শেৰিনা পাৰবিন আৰু তাইৰ আঢ়ৈ বছৰীয়া পুত্ৰ ছিহাব আলীক । ফলত কোনো যোগাযোগ কৰিব পৰা নাই শেৰিনা পাৰবিনে । বিভিন্ন স্থানত বিচাৰি হাবাথুৰি খাই সংবাদ মাধ্যমৰ যোগেদি বিচাৰিছে সঁহাৰি দুৰ্ভগীয়া পৰিয়ালে ।
উল্লেখ্য যে, ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত বৰজান গাঁৱৰ ছেকান আলী আৰু জহিৰণ বিবিৰ কন্যা শেৰিনা পাৰবিনৰ ধৰ্মীয় ৰীতি-নীতি মতে একেখন গাঁৱৰে ছফিকুল শ্বেখৰ লগত চাৰি বছৰ পূৰ্বে সম্পূৰ্ণ হৈছিল বিয়া । নিজ সন্তানক লৈ স্বামী গৃহৰ পৰা পিতৃ গৃহলৈ ফুৰিবলৈ আহিছিল শেৰিনাই । পিতৃ গৃহৰ পৰা বজাৰ কৰিবলৈ ওলাই গৈ নিৰুদ্দেশ হয় দুয়ো । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে তামাৰহাট থানাত অৱগত কৰায় যদিওঁ ৯৫ দিনে ওলাব পৰা নাই সন্ধান । ইপিনে দুয়োকে বিচাৰি নাপাই চকুলো টুকি দিন অতিবাহিত কৰিছে দুয়োটা পৰিয়ালৰ লোকে । কোনোবাই যদি শেৰিনা পাৰবিন আৰু তাইৰ সন্তানৰ খবৰ পায় ওচৰৰ আৰক্ষী থানা নাইবা পৰিয়ালৰ 9365952700/ 78962 63646 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ