শক্তিপীঠ কামাখ্যা ধামত বলীউডৰ কণ্ঠশিল্পী সোণু নিগম
গুৱাহাটী, ১৪ ডিচেম্বৰ (হি.স.)। বলীউডৰ প্ৰখ্যাত পাৰ্শ্ব গায়ক সোণু নিগমে দেওবাৰে পুৱা শক্তিপীঠ কামাখ্যা ধাম দৰ্শন কৰি দেৱী কামাখ্যাৰ আশীৰ্বাদ বিচাৰে । পুৱাতে মন্দিৰ চৌহদত উপস্থিত হোৱাৰ লগে লগে ভক্ত-অনুৰাগীসকল উৎফুল্লিত হৈ পৰে। পূজাৰ সময়ত কটকটীয়া
শক্তিপীঠ কামাখ্যা ধামত বলীউডৰ কণ্ঠশিল্পী সোণু নিগম


গুৱাহাটী, ১৪ ডিচেম্বৰ (হি.স.)। বলীউডৰ প্ৰখ্যাত পাৰ্শ্ব গায়ক সোণু নিগমে দেওবাৰে পুৱা শক্তিপীঠ কামাখ্যা ধাম দৰ্শন কৰি দেৱী কামাখ্যাৰ আশীৰ্বাদ বিচাৰে । পুৱাতে মন্দিৰ চৌহদত উপস্থিত হোৱাৰ লগে লগে ভক্ত-অনুৰাগীসকল উৎফুল্লিত হৈ পৰে।

পূজাৰ সময়ত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। সোণু নিগমে যথা বিহিত আচাৰ-ব্যৱহাৰেৰে প্ৰাৰ্থনা কৰা দেখা গৈছিল।

উল্লেখযোগ্য যে শনিবাৰে অসমত উপস্থিত হোৱা সোণু নিগামে দেওবাৰে গুৱাহাটীত সংগীত কনচাৰ্টত অংশগ্ৰহণ কৰিব, যিটো পদক্ষেপক লৈ তেওঁৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে।

গুৱাহাটীৰ গ্ৰীণউড ৰিজ'ৰ্টত প্ৰথমবাৰৰ বাবে একক লাইভ কনচার্ট কৰিব চনু নিগমে । তেওঁ ‘‘দিৱানা তেৰা ট্যুৰ’’ গুৱাহাটীত শুভাৰম্ভ কৰিব । উল্লেখ্য় যে সেই একেটা অনুষ্ঠানতে তেওঁ একেলগে মঞ্চ ভাগ কৰিছিল অসমৰ প্ৰাণৰ শিল্পী, মহানায়ক জুবিন গাৰ্গৰ সৈতে । সেই মধুৰ স্মৃতি আজিও নিজৰ মনত সাঁচি ৰাখিছে চনু নিগমে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande