
কামৰূপ, ১৪ ডিচেম্বৰ (হি.স.)। হাজোৰ শনিয়াদিত জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত মহান শিল্পী জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰচণ্ড শীতকো নেওচি নিশাৰ ভাগত আয়োজন কৰা মহান শিল্পী গৰাকীৰ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাইজৰ হেতাওপৰা। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হাজো শুৱালকুছি সমষ্টিৰ ভাৰতীয় জনতা পার্টিৰ দলীয় নেতৃ বৃন্দও।
কালি নিশা বৰ্ণাঢ্য কাৰ্যসূচীৰে শনিয়াদি বেলোগুৰি খেলপথাৰত জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পার্টিৰ মিডিয়া চেলৰ আহ্বায়ক মৃদুল মালাকৰ, বিজেপি নেতা তথা সমাজকৰ্মী ৰাজীৱ দাসকে প্রমুখ্যে কৰি ভালে সংখ্যক বিশিষ্ট লোকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ