গুৱাহাটীত উপস্থিত জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম
গুৱাহাটীত উপস্থিত জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম ।
গুৱাহাটীত উপস্থিত জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম


কামৰূপ, ১৪ ডিচেম্বৰ (হি.স.): গুৱাহাটীত যোৱা কালি শনিবাৰে বিয়লি উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম । দিল্লীৰ পৰা বিমানযোগে গুৱাহাটীত উপস্থিত জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী । দিৱানা তেৰা (Deewana Tera) নামৰ এক বিশেষ ভ্ৰমণসূচী লৈ গুৱাহাটীলৈ আহিছে কণ্ঠশিল্পী গৰাকী । দিৱানা তেৰাৰ জৰিয়তে দেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত হ’ব সংগীতানুষ্ঠান । আজি গ্ৰীণউড ৰিচৰ্ট (The Greenwood Resort)ত অনুষ্ঠিত হ’ব চনু নিগমৰ সংগীতানুষ্ঠান । দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিছে কণ্ঠশিল্পীগৰাকী ।

বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈয়েই স্মৰণ কৰিলে জুবিন গাৰ্গক। অসমৰ মানুহৰ শিল্পীপ্ৰেমৰ কথা কৈ পুনৰবাৰ আৱেগিক হৈ পৰিল কণ্ঠশিল্পীগৰাকী। জুবিন গাৰ্গক সুঁৱৰি চনু নিগমে কয় যে জুবিনক অসমত যেতিয়া লগ পাইছিলো তেতিয়াৰ পৰা কিছু স্মৃতি জড়িত হৈ আছে । অসমৰ কথাই বেলেগ, অসমত অনুষ্ঠান কৰা মানে জ্ঞানী মানুহৰ মাজত অনুষ্ঠান কৰা । ১৯৯৭ৰ পৰা জুবিনৰ লগত বন্ধুত্ব আছিল । হঠাৎ কি হৈ গল একোৱেই গম নাপালো । অসমৰ মানুহে জুবিনক বহুত মৰম দিছে।বিমানবন্দৰৰ পৰা পোনে পোনে চনু নিগম হোটেল তাজলৈ ৰাওনা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande