
কামৰূপ, ১৪ ডিচেম্বৰ (হি.স.)। ৰঙিয়াত আজি মহা মৃত্যুঞ্জয় যজ্ঞৰ লাইখুঁটা স্থাপন।অসমৰ ভিতৰতে প্ৰথমটো মৃত্যুঞ্জয় শিৱ মন্দিৰ অৱস্থিত ৰঙিয়াত।এই বেলি ২৫তম বৰ্ষ হিচাপে মৃত্যুঞ্জয় শিৱ মন্দিৰ পৰিচালনা সমিতিয়ে আয়োজন কৰিছে মহা মৃত্যুঞ্জয় যজ্ঞ।অহা জানুৱাৰী মাহৰ ২৩ তাৰিখৰ পৰা ২৭ তাৰিখলৈ,৫ দিনীয়াকৈ আয়োজন কৰা হৈছে মহা মৃত্যুঞ্জয় যজ্ঞ।
৫ দিনীয়াকৈ আয়োজন কৰা এই যজ্ঞভাগিত অংশগ্ৰহন কৰিব সহস্ৰাধিক ভক্ত।ইয়াৰ লগত সংগতি ৰাখি বিধায়ক ভৱেশ কলিতাই সম্বোধন কৰে সংবাদ মেল। অসমৰ সৰ্বস্তৰৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ