
বৰপেটা, ১৪ ডিচেম্বৰ (হি.স.)। গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ সোঁৱৰণত সৰভোগত কুইজ প্ৰতিযোগিতা ৷ বৰপেটাৰ সৰভোগৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বাড্চ একাডেমিৰ উদ্যোগত পঞ্চম বাৰ্ষিক সদৌ অসম ভিত্তিত ভট্টদেৱ স্মাৰক কুইজ প্ৰতিযোগিতা খনত অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ পৰা অহা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷
কুইজ প্ৰতিযোগিতা খনত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ ছাত্ৰ কৃতাৰ্থ কাকতি আৰু প্ৰিন্স উজিৰৰ 'শব্দ' দলে প্ৰথম স্থান অধিকাৰ কৰে ।
আনহাতে ঘগ্ৰাপাৰৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী হিমলিনা বৰুৱা আৰু শংকৰদেৱ শিশু নিকেতনৰ মঞ্জিস্থা কুমাৰৰ মায়া দলে দ্বিতীয় আৰু
গুৱাহাটীৰ নুনমাটী অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ প্ৰিয়াংশু পি শৰ্মা আৰু গুৰুকুল গ্ৰামাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ত্ৰিনাভ কাশ্যপৰ আশা দলে তৃতীয় স্থান অধিকাৰ কৰে ৷
দৈনিক অসম কাকতৰ উপ-সম্পাদক দীপাংকৰ কৌশিকে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতা খনত ভট্টদেৱৰ উপৰিও জুবিন গাৰ্গৰ ওপৰতো বিশেষ ৰাউণ্ড অনুষ্ঠিত হয় ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা