পৰ্বতঝোৰাত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ
কোকৰাঝাৰ, ১৪ ডিচেম্বৰ (হি.স.)। পৰ্বতঝোৰাত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ। ঘুগুঝোৰা দ্বিতীয় খণ্ডৰ চাহ বাগানৰ কাষত উদ্ধাৰ হৈছে এটা বন্যহস্তীৰ মৃতদেহ। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে বন বিভাগৰ লোকক খবৰ দিয়ে। বন বিভাগৰ লোকে ঘটনাস্থলীত উপস
পৰ্বতঝোৰাত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ


কোকৰাঝাৰ, ১৪ ডিচেম্বৰ (হি.স.)। পৰ্বতঝোৰাত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ। ঘুগুঝোৰা দ্বিতীয় খণ্ডৰ চাহ বাগানৰ কাষত উদ্ধাৰ হৈছে এটা বন্যহস্তীৰ মৃতদেহ। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে বন বিভাগৰ লোকক খবৰ দিয়ে।

বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ বন্যহস্তীটোৰ শীৰৰটো পৰীক্ষা নিৰীক্ষা কৰে। ইফালে স্থানীয় লোক তথা বনবিভাগৰ লোকে প্ৰাথমিক অনুসন্ধানৰ পিছত হাতীটোৰ বিষক্ৰিয়াহৈ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। বন বিভাগ তথা আৰক্ষীৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande