

নতুন দিল্লী, ১৪ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেওবাৰে কয় যে আমাৰ সংস্কৃতিৰ অন্তৰ্নিহিত প্ৰকৃতিৰ সৈতে মিলাপ্ৰীতিৰে জীয়াই থকাটোৱেই হৈছে “পৰিৱেশৰ বাবে জীৱনশৈলী”ৰ বিশ্বব্যাপী ভেটি।
আজি ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস উপলক্ষে এই মন্তব্য কৰে মুৰ্মুৱে। এই উপলক্ষে ২০২৫ চনৰ ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা আৰু নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় চিত্ৰকলা প্ৰতিযোগিতাৰ বিজয়ীসকলক সম্বৰ্ধনা জনায়।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শক্তি ৰাহি কৰাটো কেৱল কম ব্যৱহাৰ কৰাই নহয়, ইয়াক বুদ্ধিমান, দায়িত্বশীল আৰু দক্ষতাৰে ব্যৱহাৰ কৰা। সৌৰশক্তিৰ দৰে নবীকৰণযোগ্য শক্তিৰ বিকল্প গ্ৰহণ কৰিলে শক্তি ৰাহি হোৱাই নহয় কাৰ্বন নিৰ্গমনো হ্ৰাস পায়।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শক্তি সংৰক্ষণৰ বিষয়ে যুৱক-যুৱতী আৰু শিশুসকলৰ মাজত সজাগতা সৃষ্টি কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা শক্তি সংৰক্ষণৰ লক্ষ্যত উপনীত হোৱাই নহয় দেশৰ বহনক্ষম উন্নয়ন সুনিশ্চিত কৰিব পৰা যায়।
তেখেতে কয় যে সূৰ্য্য ঘৰ যোজনা আৰু সেউজ হাইড্ৰজেন মিছনৰ দৰে চৰকাৰী পদক্ষেপে জীৱাশ্ম ইন্ধনৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিছে। ২০২৩-২৪ চনত চৰকাৰে ৫ কোটি ৩৬ লাখ টন তেলৰ সমতুল্য শক্তি ৰাহি কৰিছিল। ইয়াৰ ফলত দেশৰ ধন ৰাহি হোৱাৰ লগতে প্ৰদূষণ হ্ৰাস পায়।
ৰাষ্ট্ৰপতিগৰাকীয়ে গুৰুত্ব আৰোপ কৰে যে শক্তিৰ পৰিৱৰ্তন সফল হ’বলৈ নাগৰিকৰ আচৰণ সলনি কৰাটো অতি গুৰুত্বপূৰ্ণ।
তেওঁ আস্থা প্ৰকাশ কৰে যে জনসাধাৰণৰ অংশগ্ৰহণ আৰু সামূহিক দায়বদ্ধতাৰ জৰিয়তে ভাৰত শক্তি সংৰক্ষণৰ ক্ষেত্ৰত আগশাৰীৰ হৈ থাকিব আৰু সেউজ ভৱিষ্যতৰ লক্ষ্যত উপনীত হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ