
নতুন দিল্লী, ১৪ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অষ্ট্ৰেলিয়াৰ ছিডনীৰ বণ্ডী বিচত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মোদীয়ে লিখিছে, আজি অষ্ট্ৰেলিয়াৰ বণ্ডী বিচত সংঘটিত হোৱা ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছো। এই আক্ৰমণৰ লক্ষ্য হৈছে ইহুদী উৎসৱ হানুক্কাৰ প্ৰথম দিন উদযাপন কৰা লোকসকল। ভাৰতৰ হৈ মই নিজৰ আপোনজনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। আমি এই শোকৰ সময়ত অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ সৈতে সংহতিৰে থিয় দিছো। ভাৰতে সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে যুঁজ সমৰ্থন জনাইছো।
মন কৰিবলগীয়া যে দেওবাৰে অষ্ট্ৰেলিয়াৰ ছিডনীৰ বণ্ডি বিচত হানুকা উদযাপন কৰা ইহুদী লোকৰ ভিৰত নিৰ্বিচাৰে গুলীচালনা কৰি কমেও ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। আক্ৰমণকাৰীৰ এজনক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ বিপৰীতে আনজনক আহত অৱস্থাত গ্ৰেপ্তাৰ কৰে। এই ঘটনাক লৈ আন্তঃৰাষ্ট্ৰীয় সমাজে গভীৰ শোক প্ৰকাশ কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ