
গোৱালপাৰা, ১৪ ডিচেম্বৰ (হি.স.): বাল্য বিবাহৰ অভিযোগত তাৰাংগাপুৰ পঞ্চায়ত সভানেত্ৰীৰ পদ খাৰিজ কৰা হৈছে। গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুঙে বাল্য বিবাহত জড়িত থকাৰ অভিযোগত যোৱা ৯ ডিচেম্বৰ তাৰিখে তাৰাংগাপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আয়শা খাতুনৰ সদস্যা পদ খাৰিজ কৰিছে।
অভিযোগ অনুসৰি, আয়শা খাতুনে পঞ্চায়ত নিৰ্বাচনত জাল নথিপত্ৰ ব্যৱহাৰ কৰি সদস্যা হিচাপে নিৰ্বাচিত হৈছিল। এই জালিয়াতিৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে ধুবুৰী জিলাৰ ফকিৰগঞ্জ কাজী মন্তাজ আলীৰ বিৰুদ্ধে। এই জালিয়াতি কাণ্ডৰ সৈতে জড়িত থকা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ৰাইজে দাবী জনাইছে। ইফালে জিলা আয়ুক্তৰ পদক্ষেপক সমৰ্থন জনাইছে তাৰাংগাপুৰবাসী ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ