পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ টেংক জিলাত সান্ধ্য আইন জাৰি
পেছাৱৰ (খাইবাৰ পাখতুনখোৱা), পাকিস্তান, ১৪ ডিচেম্বৰ (হি.স.)। পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশৰ টেংক জিলাত আজি পুৱা ৬ বজাত জাৰি কৰা হয় সান্ধ্য আইন। ই সন্ধিয়া ৬ বজালৈকে কাৰ্যকৰী থাকিব। জিলা প্ৰশাসনে এক অধিসূচনা জাৰি কৰি সংবাদ মাধ্যমক অৱগত ক
পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ টেংক জিলাত সান্ধ্য আইন জাৰি


পেছাৱৰ (খাইবাৰ পাখতুনখোৱা), পাকিস্তান, ১৪ ডিচেম্বৰ (হি.স.)। পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশৰ টেংক জিলাত আজি পুৱা ৬ বজাত জাৰি কৰা হয় সান্ধ্য আইন। ই সন্ধিয়া ৬ বজালৈকে কাৰ্যকৰী থাকিব। জিলা প্ৰশাসনে এক অধিসূচনা জাৰি কৰি সংবাদ মাধ্যমক অৱগত কৰে।

দুনিয়া নিউজৰ মতে, অধিসূচনাত উল্লেখ কৰা হৈছে যে সান্ধ্য আইনৰ সময়ছোৱাত টাংক জিলাৰ জাণ্ডোলা মহকুমাৰ বজাৰসমূহ বন্ধ থাকিব। সকলো চলাচলত বাধা থাকিব। কোক গড়-খাৰ্গী ঘাইপথতো যাতায়তৰ বাবে বন্ধ থাকিব। জৰুৰীকালীন অৱস্থাত আৰক্ষী বা নিৰাপত্তা বাহিনীৰ অনুমতি সাপেক্ষে আৰু পৰিচয় পত্ৰ আৰু নথি-পত্ৰ দাখিল কৰি ক্ষতিগ্ৰস্ত পথত যাতায়তৰ অনুমতি থাকিব।

এই অধিসূচনাত পৰামৰ্শ দিয়া হৈছে যে যদিহে নিৰাপত্তা বাহিনী দেখা যায় তেন্তে ৫০ মিটাৰ আগত গাড়ী ৰখাব লাগে আৰু সকলো যাত্ৰী নামিব লাগে। উলংঘাকাৰী যিকোনো ব্যৱস্থা গ্ৰহণৰ বাবে দায়ী হ’ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande