হিতাধিকাৰী সৃষ্টিয়ে মহিলা সকলক এলেহুৱা কৰা বুলি কোৱা কথাটো বিৰোধীৰ অপপ্ৰচাৰঃবিজেপি
শিৱসাগৰ, ১৪ ডিচেম্বৰ (হি.স.)। হিতাধিকাৰী সৃষ্টিয়ে মহিলা সকলক এলেহুৱা কৰা বুলি কোৱা কথাটো বিৰোধীৰ অপপ্ৰচাৰ। বিৰোধীয়ে এইবোৰ কথা কবই। বৰঞ্চ আত্মসহায়ক গোটৰ দ্বাৰা মহিলা সকল স্বাবলম্বী হৈছে। বহু স্থানত মহিলাৰ বজাৰ সৃষ্টি হৈছে । শিৱসাগৰত আজি বি জে পিৰ
হিতাধিকাৰী সৃষ্টিয়ে মহিলা সকলক এলেহুৱা কৰা বুলি কোৱা কথাটো বিৰোধীৰ অপপ্ৰচাৰঃবিজেপি


শিৱসাগৰ, ১৪ ডিচেম্বৰ (হি.স.)। হিতাধিকাৰী সৃষ্টিয়ে মহিলা সকলক এলেহুৱা কৰা বুলি কোৱা কথাটো বিৰোধীৰ অপপ্ৰচাৰ। বিৰোধীয়ে এইবোৰ কথা কবই। বৰঞ্চ আত্মসহায়ক গোটৰ দ্বাৰা মহিলা সকল স্বাবলম্বী হৈছে। বহু স্থানত মহিলাৰ বজাৰ সৃষ্টি হৈছে । শিৱসাগৰত আজি বি জে পিৰ সংবাদমেল।জিলা বি জে পিৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে বি জে পি অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱীয়ে।

আগন্তুক নিৰ্বাচনত দলে মহিলাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে নিশ্চিত সুখী হম। কিন্তু এই ক্ষেত্ৰত দলে সিদ্ধান্ত লব । নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ শিৱসাগৰত বহু যোগ্য মহিলা আছে। সুযোগ পালে তেওঁলোক শক্তিশালী প্ৰতিদ্বন্দী হিচাপে পৰিগণিত হব। ৰাইজে যাকেই বিচাৰে দলে তেওঁকে সুযোগ প্ৰদান কৰিব । শিৱসাগৰত অখিল গগৈ কোনো ফেক্টৰ নহয় ।

তেওঁ এজন সদনৰ বাহিৰে ভিতৰে চিঞৰ বাখৰ কৰিবহে জানে । শিৱসাগৰবাসী ৰাইজে এতিয়া তেওঁক বুজি পাইছে ।সমষ্টিৰ বাবে তেওঁ কি কৰিব লাগিছিল আৰু কি কৰিলে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চৰকাৰে সকলো কৰিছে । যাৰ বাবে আজি চাৰ্জ চীট সময়মতে দাখিল কৰিবৰ বাবে সক্ষম হল।জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় নিশ্চয় হব। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মই একো মতামত নাৰাখো। চৰকাৰে কৰণীয়খিনি কৰি আছে।শিৱসাগৰত জিলা বি জে পিৰ কাৰ্যালয়ত এক মহিলাৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande