ৰঙিয়াত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ওপিয়াম সহ নগদ ধন
ৰঙিয়াত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ওপিয়াম সহ নগদ ধন ।
ৰঙিয়াত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ওপিয়াম সহ নগদ ধন


কামৰূপ, ১৪ ডিচেম্বৰ (হি.স.): কামৰূপ জিলাৰ ৰঙিয়াত আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ওপিয়াম সহ নগদ ধন ।উদিয়ানাৰ মন্টুল আলী নামৰ লোকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ ৮০ কিলোগ্ৰাম ওপিয়াম সহ ২৫লক্ষাধিক নগদ ধন ।

ৰঙিয়া সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ নেতৃত্বত আৰু কাৰ্যবাহী দণ্ডাধীশ এগৰাকীৰ সহযোগত আজি পুৱতি নিশা চলিছিল গোপন অভিযান। ঘটনাত জড়িত থকাৰ অভিযোগত আটক মহিলা সহ ৭গৰাকীকৈ লোক । ধৃত জেৰিফা বেগম, মোস্তাফা আলী, ইনামুল হুছেইন, জাহিৰ ইছলাম, আৰিফুল হক, হবিবুৰ ৰহমান আৰু জাহিৰ ইছলাম। ঘটনাত জড়িত আটকাধীন ৭জনক ৰঙিয়া থানাত জেৰা অব্য়াহত ৰাখিছে আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande