বনভোজকাৰীৰ দলেৰে ভৰি পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰী বনভোজস্থলী
বাক্সা, ১৪ ডিচেম্বৰ (হি.স.)। বনভোজকাৰীৰ দলেৰে ভৰি পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰী বনভোজস্থলী । এতিয়া বনভোজৰ বতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলী সমূহত ভিৰ বাঢ়িছে বনভোজকাৰী দলৰ। সমান্তৰালভাৱে আজি দেওবাৰে বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয়
বনভোজকাৰীৰ দলেৰে ভৰি পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰী বনভোজস্থলী


বাক্সা, ১৪ ডিচেম্বৰ (হি.স.)। বনভোজকাৰীৰ দলেৰে ভৰি পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰী বনভোজস্থলী । এতিয়া বনভোজৰ বতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলী সমূহত ভিৰ বাঢ়িছে বনভোজকাৰী দলৰ। সমান্তৰালভাৱে আজি দেওবাৰে বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰী বনভোজ স্থলীতো বনভোজকাৰী দলেৰে ভৰি পৰা পৰিলক্ষিত হৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজকাৰী দল সমূহে নাৰায়ণগুৰী বনভোজস্থলীত উপস্থিত হৈ বেঁকী নৈত নৌকা বিহাৰ কৰি মাছে, মঙহে এসাজ খাই আনন্দ উল্লাস কৰে । উল্লেখ্য যে বনভোজকাৰী সকলে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰী বনভোজস্থলীত আহি ভাল লগা বুলি উল্লেখ কৰি সকলোকে আহিবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande