
নতুন দিল্লী, ১৪ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নাগালেণ্ডৰ হৰ্ণবিল উৎসৱক দেশৰ সাংস্কৃতিক সমৃদ্ধি আৰু জনজাতীয় ঐতিহ্যৰ এক শক্তিশালী প্ৰতীক বুলি অভিহিত কৰে। তেওঁ কয় যে উত্তৰ-পূব হৈছে এখন নতুন আৰু আত্মবিশ্বাসী ভাৰতৰ পৰিচয়।
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ ‘এক্স’ পোষ্টৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই উৎসৱটো মানৱীয় মনোভাৱৰ নিখুঁত প্ৰতিফলন আৰু অতীত আৰু বৰ্তমানৰ এক আচৰিত মিশ্ৰণ। তেওঁ কয় যে যেতিয়া উত্তৰ-পূর্বাঞ্চল আগবাঢ়িব আৰু উজ্জ্বল হ’ব তেতিয়াহে আমাৰ সমগ্ৰ দেশ আগবাঢ়িব পাৰিব৷
নাগালেণ্ডৰ অনন্য সাংস্কৃতিক পৰিচয়ৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ৰাজ্যখনে কেৱল উৎসৱৰ আয়োজন কৰাই নহয়, নিজেই উদযাপনৰ প্ৰতীক। ইয়াৰ ফলত ৰাজ্যখনে ‘উৎসৱৰ দেশ’ বুলি কোৱাৰ গৌৰৱ লাভ কৰে।
উল্লেখযোগ্য যে হৰ্ণবিল মহোৎসৱ ভাৰতৰ সাংস্কৃতিক প্ৰতিভা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাসৰ উৎসৱ।
हिन्दुस्थान समाचार / অৰৱিন্দ